বিশ্ব আৰক্ষী এথলেটিকছত স্বৰ্ণ জয় থুনলাই নাৰ্জাৰীৰ

Thursday, 12 December 2019

দৈনিক বাতৰি

বিশ্ব আৰক্ষী এথলেটিকছত স্বৰ্ণ জয় থুনলাই নাৰ্জাৰীৰ

জি প্লাছ নিউজডেস্ক | August 14, 2019 12:39 hrs

১৪ আগষ্ট, গুৱাহাটী - আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে অসম আৰক্ষীৰ দশম বেটেলিয়ানৰ থুনলাই নাৰ্জাৰীয়ে ।যোৱা ৮ আগষ্টৰ পৰা  চীনৰ চেনডুগুত অনুষ্ঠিত হৈ থকা বিশ্ব আৰক্ষী এথলেটিকছত মঙলবাৰে শ্বটফুটত সোণৰ পদক লাভ কৰে থুনলাই নাৰ্জাৰীয়ে।

অসম কন্য়াগৰাকীৰ সফলতাত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে থুনলাই নাৰ্জাৰীক অভিনন্দন জ্ঞাপন কৰে। লগতে এয়া অসম আৰক্ষীৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে । ভৱিষ্যতেও অসম আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সোণৰ পদক আজুৰি আনিব বুলি আশা প্ৰকাশ কৰে আৰক্ষী অধীক্ষকজনে। অসমৰ কোকৰাঝাৰ জিলাত ঘৰ খেলুৱৈগৰাকীৰ।