বেলতলাত সাংবাদিকক হত্যাৰ চেষ্টা, হাতুৰীৰে প্ৰহাৰ

Tuesday, 18 February 2020

দৈনিক বাতৰি

বেলতলাত সাংবাদিকক হত্যাৰ চেষ্টা, হাতুৰীৰে প্ৰহাৰ

জি প্লাছ নিউজডেস্ক | July 26, 2019 17:59 hrs

২৬ জুলাই, গুৱাহাটী : মহানগৰীৰ বেলতলা তিনিআলিত কালি বিয়লি ৰাকেশ বাচফ’ৰ নামৰ এজন যুৱকে এগৰাকী সাংবাদিকক হাতুৰীৰে প্ৰহাৰ কৰি হত্যাৰ চেষ্টা কৰে। প্ৰাপ্ত তথ্য অনুসৰি বিয়লি প্ৰায় ৪ বজাত এটা বৈদ্যুতিক মাধ্যমত কৰ্মৰত সাংবাদিক সুব্ৰত কলিতাই বেলতলা তিনিআলিৰ এ টু জেদ নামৰ দোকানখনৰ পৰা ওলাই অহাৰ সময়ত ঘটনাটো সংঘটিত হয়। 

উল্লেখ্য যে অভিযুক্ত ৰাকেশ বাচফ’ৰ এ টু জেদ নামৰ দোকানখনৰ কৰ্মচাৰী আছিল। এনেদৰে কৰ্মচাৰীজনে সাংবাদিকজনক পিছফালৰ পৰা মূৰ আৰু মুখত হাতুৰীৰে প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰে। অৱশ্যে ঘটনাৰ প্ৰত্যক্ষদৰ্শীসকলে ততালিকে ৰাকেশ বাচফ’ৰক আটক কৰি বশিষ্ঠ আৰক্ষীক গতাই দিয়ে।

সূত্ৰমতে ৰাকেশ বাচফ’ৰ ড্ৰাগছ আসক্ত আছিল। আৰু পূৰ্বতে সাংবাদিকজনে বাচফ’ৰক আৰক্ষীয়ে আটক কৰা বাতৰি সংগ্ৰহ কৰাৰ আখেজত এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিকগৰাকীয়ে ভোক্তভোগীয়ে। 

ঘটনাৰ পাছতেই হেল্থ  চিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছে আহত সাংবাদিকগৰাকীক। ইতিমধ্যে কালি সন্ধিয়াই বশিষ্ঠ থানালৈ গৈ মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে ঘটনাৰ বুজ লয়। লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ আশ্বাস দিয়ে।