বষ্টন ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত অসমীয়া ছবি ‘মিডনাইট ছং’
দৈনিক বাতৰি

বষ্টন ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত অসমীয়া ছবি ‘মিডনাইট ছং’

জিপ্লাছ ব্যুৰ’ | August 14, 2019 14:29 hrs

১৪ আগষ্ট, গুৱাহাটী - অসমীয়া ছবি ‘মিডনাইট ছং’ প্ৰদৰ্শিত হ’ব বষ্টন ফিল্ম ফেষ্টিভেলত। ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অৱ বষ্টনত প্ৰদৰ্শিত হ’ব অৰুণজিৎ বৰা পৰিচালিত ছবি মিডনাইট ছং। চলিত বৰ্ষৰে ১৪ ছেপ্তেম্বৰত প্ৰদৰ্শিত হ’ব এই ছবি।

ছবিত অভিনয় কৰিছে ৰূপম চেতিয়া, কল্পনা কলিতা আৰু মনু বৰকটকীয়ে।  

অহা ১৩ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ ছেপ্তেম্বৰলৈ চলিব এই চলচ্চিত্ৰ মহোৎসৱ। ১২ খন চুটি ছবি, ৮ খন ফিচাৰ ছবি, আৰু ৩ খন শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত ছবি প্ৰদৰ্শিত হ’ব।

মিডনাইট ছং