পশ্চিমবংগৰ বিজেপিৰ বিধায়ক দেবেন্দ্ৰ নাথ ৰয়ৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ 
দৈনিক বাতৰি

পশ্চিমবংগৰ বিজেপিৰ বিধায়ক দেবেন্দ্ৰ নাথ ৰয়ৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ 

জিপ্লাছ নিউজ ডেস্ক | July 13, 2020 11:12 hrs

১৩ জুলাই, গুৱাহাটী: পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক দেবেন্দ্ৰ নাথ ৰয়ৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ। ১৩ জুলাইত উত্তৰ দিনাজপুৰ জিলাৰ নিজ বাসগৃহৰ ১ কিলোমিটাৰ সমীপৰ এখন বজাৰৰ বাৰান্দাত ফাঁচ লাগি থকা অৱস্থাত বিধায়কগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। 

দলীয় লোকসকলে বিধায়ক গৰাকীক পৰিকল্পিতভাৱে হত্যা কৰি আত্মহ্ত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে। বিজেপিৰ  নেতা কৈলাশ বিজয়বাৰ্গিয়াই এক টুইটযোগে কয় ‘পশ্চিমবংগত বিজেপি নেতাক হত্যা কৰাটো নতুন কথা নহয়। তৃণমূল কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল  বিধায়কগৰাকী। বিজেপিত যোগদানৰ কাৰণেই তেওঁক হত্যা কৰা হ’ল নেকি?’

প্ৰয়াত বিধায়কগৰাকীয়ে ২০১৬ চনত কংগ্ৰেছৰ পৰা সমৰ্থিত চি পি এমৰ টিকট লৈ হেমটাবাদ বিধানসভা ক্ষেত্ৰ- অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত পদৰ পৰা নিবৰ্বাচনী প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। তেওঁ একেৰাহে কেবাবোৰো নিৰ্বাচনত দয় লাভ কৰিছিল। কিন্তু লোকসভা নিৰ্বাচনৰ পাছতেই পৰৱৰ্তী বছৰত বিজেপিত যোগদান কৰিছিল ৰয়ে।