উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত চিবিআইৰ অভিযান

Wednesday, 16 October 2019

দৈনিক বাতৰি

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত চিবিআইৰ অভিযান

জিপ্লাছ ব্যুৰ’ | July 11, 2019 17:57 hrs

১২ জুলাই, গুৱাহাটী - গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত কালি চিবিআইৰ এটা দলে অভিযান চলায়। ৰে’লৱেৰ নিৰ্মাণ বিভাগৰ ১৪ টাকৈ স্থানত অভিযান চলাই চিবিআয়ে।

ৰে’লৱেৰ নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে বিজ্ঞাপনৰ নামত ১৫৮ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগৰ বাবেই এই অভিযান। অভিযানকালত ৰে’লৱেৰ নিৰ্মাণ বিভাগৰ কেইবাগৰাকীও জনসম্পৰ্কৰক্ষী বিষয়াক সোধা–পোছা কৰে অভিযানকাৰী দলটোৱে। অভিযানত বহু নথি-পত্ৰ জব্দ কৰে চিবিআয়ে।

আনকি একাধিক বিষয়াৰ ব্যক্তিগত বাসগৃহতো অভিযান চলাইছে চিবিআইৰ দলটোৱে। উল্লেখ্য যে বিহাৰ আৰু মধ্য ভাৰতৰ ভালেমান অস্তিত্ববিহীন বাতৰি কাকতত বিজ্ঞাপন দিছিল ৰে’লৱে কৰ্তৃপক্ষই।

Banner

প্ৰতিনিধিত্বমূলক ছবি

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Primus Hospital

    Do you want to sell your kidney? Are you seeking for an opportunity to sell your kidney due to financial break down, then contact us today, amount of 2 crore for your Kidney. whatsApp +918929375881. Email: primussuperspecialityhospitals@gmail.com