কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ ফলাফল ঘোষণা 
দৈনিক বাতৰি

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ ফলাফল ঘোষণা 

জিপ্লাছ নিউজ ডেস্ক | July 13, 2020 12:51 hrs

১৩ জুলাই, গুৱাহাটী: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দ্বাদশ শ্ৰেমীৰ শিক্ষাৰ্থীসকলৰ ফলাফল ঘোষণা । ১৩ জুলাই  কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ অফিছিয়েল ৱেবছাইট cbseresults.nic.in ত উপলব্ধ হৈছে ফলাফলসমূহ। 

উল্লেখ্য যে বোৰ্ডে দ্বাদশ শ্ৰেণীৰ কলা, বাণিজ্য আৰু বিজ্ঞান তিনিও শাখাৰে ফলাফল একেলগে ঘোষণা কৰে। এইবাৰ ১২,০৬,৮৯৩ গৰাকী শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৫,২২,৮১৯ গৰাকী ছাত্ৰী আৰু ৬,৮৪,০৬৮ ছাত্ৰ।