সাজু হৈছে চন্দ্ৰযান ২, ১৫ জুলাইত উৰা মাৰিব চন্দ্ৰলৈ
দৈনিক বাতৰি

সাজু হৈছে চন্দ্ৰযান ২, ১৫ জুলাইত উৰা মাৰিব চন্দ্ৰলৈ

জি প্লাছ নিউজডেস্ক | July 12, 2019 10:29 hrs

১২ জুলাই, গুৱাহাটী - অহা ১৫ জুলাইত এক ইতিহাসৰ সাক্ষী হ’ব সমগ্ৰ দেশবাসী। কাৰণ, মহাকাশলৈ উৰা মাৰিবলৈ সাজু হৈছে চন্দ্ৰযান-২। ভাৰতীয় মহাকাশ অনুসন্ধানকাৰী সংস্থাই শেহতীয়াকৈ প্ৰকাশ কৰিছে এই তথ্য। লগতে চন্দ্ৰযান-২ৰ কিছু নিৰ্মান কৰি থকা কিছু দৃশ্যও ৱেবচাইটত আপোলোড কৰিছে।

প্ৰায় ১০০০ কোটি টকাৰ এই প্ৰকল্পটোত জি এছ এল ভি এম কে-৩ ৰকেট প্ৰক্ষেপন কৰা হ’ব। চন্দ্ৰযান-২ ৰ সৈতে যাত্ৰা কৰিব ১৩ জন ভাৰতীয় বিজ্ঞানীয়ে। তেওলোকৰ সৈতে থাকিব নাছাৰ এজন প্ৰতিনিধিও।

চন্দ্ৰযানৰ মুঠ ওজন হ’ব ৩.৮ টন। চন্দ্ৰযানে প্ৰথমেই চন্দ্ৰপৃষ্ঠত দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিব। ইয়াৰ পূৰ্বে ১৯৬৯ চনত নাছাই চন্দ্ৰলৈ প্ৰেৰণ কৰা এপল’ মিছনত খৰছ হৈছিল প্ৰায় ২,৬২০ কোটি টকা।

চন্দ্ৰযান ২ত আছে তিনিটাকৈ মডিউল ক্ৰমে অৰ্বিটাৰ, লেণ্ডাৰ (বিক্ৰম) আৰু ৰোভাৰ (প্ৰজ্ঞান)।

উল্লেখ্য যে চন্দ্ৰযান ১ উৎক্ষেপন কৰা হৈছিল ২০০৮ চনৰ ২২ অক্টোবৰত। এই যানে ৩৪০০ বাৰৰো অধিকবাৰ চন্দ্ৰক প্ৰদক্ষিণ কৰিছিল। ইয়াৰ জৰিয়তেই চন্দ্ৰপৃষ্ঠত পানীৰ সন্ধান পোৱা গৈছিল। অৱশ্যে ২০০৯ চনৰ ২৯ আগষ্টত এই চন্দ্ৰযান হেৰাই গৈছিল মহাকাশৰ বুকুত।

Banner

চন্দ্ৰযান ২