দেওকণ ট্ৰফীত চেম্পিয়ন চৰাইদেউ, অসমক প্ৰতিনিধিত্ব কৰিব সুব্ৰত কাপত

Thursday, 02 April 2020

দৈনিক বাতৰি

দেওকণ ট্ৰফীত চেম্পিয়ন চৰাইদেউ, অসমক প্ৰতিনিধিত্ব কৰিব সুব্ৰত কাপত

জি প্লাছ নিউজডেস্ক | July 26, 2019 19:25 hrs

২৬ জুলাই, গুৱাহাটী - ২০১৯ বৰ্ষৰ দেওকণ ট্ৰফীৰ চেম্পিয়নৰ খিতপ দখল কৰিছে চৰাইদেউ জিলাই। উল্লেখ্য যে চৰাইদেউ জিলাক প্ৰতিনিধিত্ব কৰিছিল বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলে। 

ৰাজ্যিক ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধৰ দেওকণ ট্ৰফী আন্তঃ জিলা স্কুল ফুটবলত বিজয়ী হৈ চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলে। বৃহস্পতিবাৰে গুৱাহাটীৰ ছাই খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলখনত ডিব্ৰুগড়ৰ ঔফুলীয়া হাইস্কুলক ২-১ গ'লত পৰাস্ত কৰি বিজয়ী খিতাপ দখল কৰে চৰাইদেউ জিলাৰ এই দলটোৱে।

বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটোৰ এই সাফল্যত উৎফুল্লিত হৈ উঠিছে জিলাখনৰ ক্ৰীড়ানুৰাগীসকল। এই ট্ৰফীত চেম্পিয়ন হোৱা সূত্ৰে এই বিদ্যালয় দলটোৱে এতিয়া অনাগত সুব্ৰত মূখাৰ্জী কাপত অসমক প্ৰতিনিধিত্ব কৰিব। 

চেম্পিয়ন চৰাইদেউ দলটো