Guwahati Cab Operators In A Difficult Situation Despite 'Unlock' | Assamese News

Saturday, 19 September 2020

দৈনিক বাতৰি

 ‘আমি দিনটোৰ ভিতৰত কাতচিৎ এগৰাকী যাত্ৰী পাওঁ..’ মহানগৰীত অ’লা, উবেৰ চালকৰ দুৰ্দশা 

জিপ্লাছ নিউজ ডেস্ক | July 21, 2020 19:07 hrs

২৪ জুন, গুৱাহাটী: কৰ’ণা মহামাৰীত লকডাউনৰ ফলত ব্যৱসায় বাণিজ্য, চাকৰি, তথা ব্যক্তিগত খণ্ডত ৰাজ্য অৰ্থনীতিত মন্দাৱস্থা ঘটিছে। চৰকাৰে এই অৰ্থনীতি ব্যৱস্থা সক্ৰিয় কৰাৰ বাবে লকডাউন শিথিল কৰাৰ পাছতো মহানগৰীত টেক্সী তথা কেব চালকসকলৰ ভয়ানক দুৰ্দশাই দেখা দিছে। লকডাউন শিথিল কৰি দিয়াৰ পাছতো এতিয়াও এচাম লোকে জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰ ওলাবলৈ ভয় কৰিছে। 

মহানগৰীত বহুসংখ্যক লোকে উবেৰ, অ’লা তথা ব্যক্তিগত বাহন চলাই পৰিয়াল পোহ পাল দিছিল। ইতিমধ্যে মহানগৰীত কৰ’ণা ক্ষিপ্ৰগতিত বৃদ্ধি হোৱাত বিভিন্ন স্থানত কণ্টেইনমেণ্ট জ’ন আৰু ১১ টা ৱাৰ্ডত পুনৰ লকডাউনৰ নিৰ্দেশনা জাৰি কৰে। ফলশ্ৰুতিত উবেৰ তথা অ’লা চালকসকলে দৈনিক উপাৰ্জনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। 

জিপ্লাছক এগৰাকী অ’লা চালকে কয়-“আপোনালোকে ভাবে নেকি আনলক-১ ত আমি ভালকৈ উপাৰ্জন কৰিছো?আমি গোটেই দিনটোত কেতিয়াব কাতচিৎ এগৰাকী যাত্ৰী পাওঁ।’

অন্য এগৰাকী চালকে হতাশাৰে কয় -‘মই ৰাতিপুৱা ৫.৩০ বজাতে ঘৰৰ পৰা উলাইছিলো, কিন্তু বহু প্ৰতীক্ষাৰ পাছত ৯ বজাত মই মোৰ প্ৰথমগৰাকী যাত্ৰী পাইছো।’

আনহাতে আনলক -১ শিথিল কৰাৰ পাছতেই  ৰাজ্যত প্ৰত্যেকদিনেই বৃদ্ধি হৈছে পেট্ৰ’ল তথা ডিজেলৰ মূল্য বৃদ্ধিয়ে তেওঁলোকক বাৰুকৈয়ে জ্বলাকলা দেখুৱাইছে।

আনহাতে চৰকাৰে ৰেপিড’ চালকসকলকো কেৱল মহিলা উঠাবলৈহে অনুমতি প্ৰদান কৰিছে। ফলত চালকসকলৰ লগতে যাত্ৰীসকলো বিমোৰত পৰিছে।