অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে, উপায়ুক্তক সষ্টম হৈ থকাৰ নিৰ্দেশ
দৈনিক বাতৰি

অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে, উপায়ুক্তক সষ্টম হৈ থকাৰ নিৰ্দেশ

জিপ্লাছ ব্যুৰ’ | July 11, 2019 14:39 hrs

১১ জুলাই, গুৱাহাটী -  আজি মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত ভিডিঅ' কনফাৰেন্সযোগে অসমৰ জিলাসমূহৰ উপায়ুক্ত আৰু বিষয়াবৰ্গৰপৰা সামগ্ৰিক বান পৰিস্থিতি আৰু এই সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ তথা প্ৰস্তুতিপৰ্বৰ বুজ লয়।

বানপানীৰ সময়ছোৱাত সাহায্য সামগ্ৰী, স্বাস্থ্যসন্মত শিবিৰ, আৰক্ষীৰ টহল, চিকিৎসা ব্যৱস্থাকে ধৰি দুৰ্যোগ প্ৰশমন বাহিনীসমূহক সাজু কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰে।

লগতে, বানাক্ৰান্তৰ শিবিৰসমূহত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেজৰ নমুনা সংগ্ৰহ কৰাৰ লগতে বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা কৃষিক্ষেত্ৰ আৰু কাজিৰঙা, মানাহকে ধৰি ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চলসমূহৰ জীৱ-জন্তুৰ সামগ্ৰিক পৰিস্থিতিৰ মুখ্যমন্ত্ৰীয়ে বুজ লয় আৰু বানপানীৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে।

তদুপৰি, জনপ্ৰতিনিধিসকলৰ সৈতে সঘনাই যোগাযোগ ৰখাৰ লগতে স্থানীয় গাঁওবুঢ়া, দল-সংগঠনৰ সহযোগত জিলাই জিলাই সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ বাবে উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

ভূমিস্খলনপ্ৰৱণ অঞ্চলসমূহৰ বাসিন্দাসকলক সম্ভাৱ্য ঘটনা সন্দৰ্ভত আগতীয়াকৈ সাৱধান কৰি দিয়াৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। 

বানপানীত নিহত লোকৰ পৰিয়ালক চৰকাৰৰ নিৰ্ধাৰিত আৰ্থিক সাহায্য তাৎক্ষণিকভাৱে দিবলৈ নিৰ্দেশ দি মুখ্যমন্ত্ৰীয়ে কয় যে- বিভিন্ন বিভাগে "টীম অসম" মানসিকতাৰে কাম কৰি প্ৰশাসনযন্ত্ৰটোক শক্তিশালী কৰিব লাগিব আৰু একত্ৰিতভাৱে বান পৰিস্থিতিৰ মোকাবিলা কৰিব লাগিব।




১) ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি পৰ্য্যালোচনা  কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
২) video conference যোগে গুৱাহাটীৰ পৰা ৰাজ্যৰ সকলো উপায়ুক্তৰ সৈতে যোগাযোগ কৰি বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে। উপায়ুক্তসকলক সষ্টম হৈ থকাৰ নিৰ্দেশ।
৩) ২৪ ঘণ্টাই বান প্ৰভাৱিত লোকক সেৱা আগবঢ়াবলৈ control room সক্ৰিয় কৰি ৰাখিবলৈ নিৰ্দেশ।
৪) বান প্ৰভাৱিত ৰাইজৰ চিকিৎসা সেৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লবলৈ নিৰ্দেশ।
৫) চিকিৎসকৰ অভাৱ থাকিলে স্বাস্থ্য সঞ্চালকৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ।
৬) বান প্ৰভাৱিত অঞ্চলত জীৱ জন্তুৰ চিকিৎসা আৰু খাদ্যৰ পৰ্যাপ্ত ব্যৱস্থা লবলৈ নিৰ্দেশ।
৭) বান প্ৰভাৱিত অঞ্চলত পুলিচৰ নিয়মীয়া তহলৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।
৮) বিদ্যুৎপৃষ্ট হৈ কোনো লোক বানপানীৰ সময়ত মৃত্যু মুখত নপৰে তাৰ বাবে পদক্ষেপ লবলৈ নিৰ্দেশ।
৯) ৰিলিফ কেম্পত JE আৰু মেলেৰিয়া ৰোগ পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰাৰ নিৰ্দেশ।


১০) বানপানীত নিহত লোকক শীঘ্ৰে এককালীন সাহাৰ্য্য মুকলি কৰি দিবলৈ নিৰ্দেশ।
১১) কাজিৰঙাৰ বান পৰিস্থিতিৰো বুজ ললে মুখ্যমন্ত্ৰীয়ে।
১২) গুৱাহাটী মহানগৰৰ ভূমিস্খলন প্ৰভাৱিত অঞ্চল চিনাক্ত কৰি ৰাইজৰ মাজত সজাগতা বিয়পাবলৈ ব্যৱস্থা লবলৈ উপায়ুক্তক নিৰ্দেশ।
১৩) বানপীড়িত লোকক উপায়ুক্তৰ নেতৃত্বত নিষ্ঠাৰে আৰু টীম অসম মানসিকতাৰে কাম কৰিবলৈ সকলো চৰকাৰী বিষয়া-কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

Banner

মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতিৰ বুজ লোৱা অৱস্থাত

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Primus Hospital

    Welcome to Primus Hospital, we have patients who are here for kidney transplant, Are you seeking for an opportunity to sell your kidney for money, amount 2 crore for your Kidney. whatsApp +918929375881. Email: primussuperspecialityhospitals@gmail.com