সন্ধান ওলাইছে অৰুণাচলত নিখোজ হোৱা AN 32 বায়ুসেনাৰ বিমানৰ
দৈনিক বাতৰি

সন্ধান ওলাইছে অৰুণাচলত নিখোজ হোৱা AN 32 বায়ুসেনাৰ বিমানৰ

জিপ্লাছ ব্যুৰ’ | June 11, 2019 15:39 hrs

১১ জুন, গুৱাহাটী - সম্পূৰ্ণ ৯ দিনৰ অন্তত সন্ধান ওলাইছে অৰুণাচলত নিখোজ হোৱা বায়ু সেনাৰ AN32 বিমানখনৰ। ছিয়াঙৰ পায়ুমৰ গাটে গাঁৱত উদ্ধাৰ হৈছে বিমানখনৰ কিছু ধ্বংসাৱশেষ। উল্লেখ্য যে বিগত ৩ জুনৰ পৰা সন্ধানহীন হৈ আছিল বায়ুসেনাৰ AN-32 বিমানখন। 

যোৰহাটৰ পৰা অৰুণাচালৰ মেছুকা অভিমুখে ৰাওনা হোৱা বিমানখন উৰণৰ ৫ মিনিট পিছতে সংযোগ হেৰুৱাইছিল বিমানখনে আৰু তেতিয়াৰে পৰা নিখোজ হৈ আছিল বিমানখন। বিমানখন ভালেমান খাদ্যবস্তুৰ লগতে মুঠ ১৩গৰাকী লোক আছিল।
 

Banner

প্ৰতিনিধিত্বমূলক ছবি