ৰীমা দাস, প্ৰফুল্ল গোবিন্দ বৰুৱা, টাবুৰাম টাইডলৈ ডক্টৰেট ডিগ্ৰী
দৈনিক বাতৰি

ৰীমা দাস, প্ৰফুল্ল গোবিন্দ বৰুৱা, টাবুৰাম টাইডলৈ ডক্টৰেট ডিগ্ৰী

জি প্লাছ নিউজডেস্ক | February 04, 2019 12:17 hrs

গুৱাহাটী - ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা, বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইড আৰু ছবি পৰিচালিকা ৰীমা দাসলৈ আগবঢ়োৱা হৈছে ডক্টৰেট ডিগ্ৰী। বিগত ৩ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ৩য় অভিৱৰ্তন সভাত প্ৰদান কৰা হয় এই সন্মানীয় ডক্টৰেড ডিগ্ৰী।

উল্লেখ্য যে প্ৰফুল্ল গোবিন্দ বৰুৱা সম্প্ৰতি দ্য আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ড. বৰুৱালৈ ইতিমধ্যেই ভাৰত চৰকাৰে অসমত সাহিত্য আৰু শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটাও প্ৰদান কৰিছে।

ইফালে ভিলেজ ৰকষ্টাৰ ছবিৰে সমগ্ৰ বিশ্বতে এক নিজস্ব পৰিচয় গঢ়ি তোলা ছবি পৰিচালিকা ৰীমা দাসে ইতিমধ্যেই অস্কাৰৰ বাবে মনোনয়ন পৰ্যন্ত লাভ কৰি ছবি জগতত লাভ কৰিছে বিশেষ প্ৰতিষ্ঠা।

আনহাতে শিক্ষাবিদ টাবুৰাম টাইডক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাৰ উপৰি অধ্যাপক নাগেশ্বৰ ৰাওঁলৈ আগবঢ়োৱা হৈছে ডি-লিট ডিগ্ৰী।

Banner

বাওঁফালে প্ৰফুল্ল গোবিন্দ বৰুৱা, সোফালে ৰীমা দাস