চাংসাৰিত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত পিতৃ–কন্যা
দৈনিক বাতৰি

চাংসাৰিত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত পিতৃ–কন্যা

জিপ্লাছ ব্যুৰ’ | July 12, 2019 11:35 hrs

১২ জুলাই, গুৱাহাটী - কালি নিশা কামৰূপৰ চাংসাৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী বাছে মহতিয়াই নিলে এখন ফৰচুনাৰ গাড়ী। এই দুৰ্ঘটনাত থিতাতে নিহত হয় ফৰচুনাৰখনৰ আৰোহী পিতৃ–কন্যাৰ। ফৰচুনাৰখনৰ চালকজনো গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।



ইতিমধ্যে নিশাই আহত চালকজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহত পিতৃ–কন্যাৰ ক্ৰমে অজয় বসুমতাৰী আৰু মিৰালী বসুমতাৰী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ আহি থকাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।

Banner

দুৰ্ঘটনাগ্ৰস্থ বাহনখন