NRC ৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল ১৯.০৬ লাখ লোক
দৈনিক বাতৰি

NRC ৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল ১৯.০৬ লাখ লোক

জিপ্লাছ ব্যুৰ’ | August 31, 2019 10:57 hrs

৩১ আগষ্ট, গুৱাহাটী - অৱশেষত আজি প্ৰকাশ পালে বহু প্ৰত্যাশিত এনআৰচিৰ চূড়ান্ত তালিকা। প্ৰাপ্ত তথ্য অনুসৰি, এনআৰচিৰ চূড়ান্ত তালিকাত ৩ কোটি ১১ লাখ ২১ হাজাৰ ৪ গৰাকী লোকৰ নাম অন্তর্ভুক্ত হৈছে। তাৰ পৰিৱৰ্তে ১৯ লাখ ৬ হাজাৰ ৬৫৭ গৰাকী লোকৰ নাম বাদ পৰিছে এই চূড়ান্ত তালিকাৰ পৰা।

উল্লেখ্য, বিগত বছৰৰ ৩০ জুলাই তাৰিখে প্ৰকশ কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা তালিকাৰ পৰা বাদ পৰিছিল প্রায় ৪০ লাখ আবেদনকাৰীৰ নাম। চলিত বছৰতো প্রায় ১ লাখ ৩০ হাজাৰ আবেদনকাৰীৰ নাম সন্নিৱিষ্ট কৰা হয়। 

উল্লেখযোগ্য যে বহু লোকে এই এনআৰচিৰ দাবী-আপত্তি এই পৰ্যন্ত দাকিল কৰা নাই, যাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকৰ নাম এই তালিকাত সন্নিৱিষ্ট হোৱা নাই। অৱশ্যে যিসকল লোকৰ নাম এই চূড়ান্ত তালিকাত সন্নিৱিষ্ট হোৱা নাই তেওঁলোকে অনাগত ১২০ দিনৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।