প্ৰাক্তন কংগ্ৰেছী সাংসদ শান্তিয়াছ কুজুৰেও এৰিলে কংগ্ৰেছ
দৈনিক বাতৰি

প্ৰাক্তন কংগ্ৰেছী সাংসদ শান্তিয়াছ কুজুৰেও এৰিলে কংগ্ৰেছ

জিপ্লাছ ব্যুৰ’ | August 10, 2019 14:40 hrs

১০ আগষ্ট, গুৱাহাটী - ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰেও অৱশেষত ত্যাগ কৰিলে কংগ্ৰেছ। আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে।

সম্পূৰ্ণ ব্যক্তিগত কাৰণতে দল ত্যাগ কৰা বুলি উল্লেখ কৰিছে তেওঁৰ পদত্যাগ পত্ৰত। দলৰ সৈতে ১৩ বছৰৰো অধিক কাল জড়িত থকাৰ পিছত পদত্যাগ কৰিছে নেতাগৰাকীয়ে।

উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ হিচাপেও কুজুৰৰ কাৰ্যকাল ২০১৯ চনৰ জুন মাহত অন্ত পৰিছিল।

শেহতীয়াকৈ সাংসদ সঞ্জয় সিং, ভুৱনেশ্বৰ কলিতাৰ পিছত আজি বৰাকৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা গৌতম ৰয়ৰ কংগ্ৰেছ ত্যাগৰ পিছত শান্তিয়াছ কুজুৰৰো দলত্যাগে নিশ্চিতভাৱে কংগ্ৰেছত ব্যাপক খহনীয়াৰ সৃষ্টি কৰিব। 

শান্তিয়াছ কুজুৰ

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • This is to inform the general public that healthy Kidney donors

    This is to inform the general public that healthy Kidney donors are needed from all blood groups by Global Hospital, each donor gets 1.5 Cr. in Advance payment will be paid first to the donor before the operation will commence after which the balance will be paid after the completion of the operation. hurry now and contact us. whatsApp +918929375881. Email: globalkidneyhospital@gmail.com