গড়চুক আৰক্ষীৰ সাফল্য, ৬ ডকাইতক গ্ৰেপ্তাৰ
দৈনিক বাতৰি

গড়চুক আৰক্ষীৰ সাফল্য, ৬ ডকাইতক গ্ৰেপ্তাৰ

জি প্লাছ ব্যুৰ’ | March 19, 2019 16:29 hrs

গুৱাহাটীঃ আৰক্ষীৰ জালত পৰিছে আহোমগাঁৱত সংঘটিত ডকাইতি কাণ্ডৰে জড়িত ৬ ডকাইত। মহানগৰীৰ গড়চুক আৰক্ষীয়ে ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। ইয়াৰে ৫ডকাইতক গুৱাহাটীৰ ভিন্ন স্থানৰ পৰা আৰু এটা ডকাইতক বাক্সাৰ চিমলাৰ পৰা গ্ৰেপ্তাৰ কৰে।

ডকাইতকেইটাৰ পৰা এখন i10 বাহন আৰু সোণ জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে, ১৬ মাৰ্চত মহানগৰীৰ আহোমগাঁৱস্থিত অৱসৰপ্ৰাপ্ত SSBৰ কমাণ্ডেণ্ট কাচেম চুলেমানৰ বাসগৃহত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড। গৃহস্থক হাত-ভৰি বান্ধি ডকাইতি সংঘটিত কৰিছিল দলটোৱে।

অৱশ্যে এতিয়াও জালত পৰা নাই ডকাইতিকাণ্ডৰ খলনায়ক। জানিব পৰা মতে, পূৰ্বেও কাৰাবাস খাটিছিল ধৃত ডকাইতকেইটাই। ধৃত ডকাইতকেইটাক বাক্সাৰ গণেশ বসুমতাৰী আৰু মহন্ত ব্ৰহ্ম, ছয়গাঁৱৰ জাভেদ খান, বৰপেটাৰ ৰন্তু বৰ্মন, নগাঁৱৰ শংকৰ কৰ্মকাৰ, লালুংগাঁৱৰ গণেশ লামা আৰু ধৃত আনজনক ওদালগুৰিৰ অংকুৰ ৰাভা বুলি আৰক্ষীয়ে জনাইছে।

Banner

প্ৰতিনিধিত্বমূলক ফটো