দীঘলীপুখুৰীত আছুৰ বিক্ষোভ কাৰ্যসূচী | গুৱাহাটী নিউজ
দৈনিক বাতৰি

দীঘলীপুখুৰীত আছুৰ বিক্ষোভ কাৰ্যসূচী

জি প্লাছ নিউজ | February 22, 2021 17:10 hrs

গুৱাহাটী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ সমগ্ৰ জিলা সদৰৰ লগতে সদৌ অসম কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰীত আছুৰ বিক্ষোভ কাৰ্যসূচী পালন ।

৬ নং দফা ৰূপায়ণ, বান, গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বৃহৎ নদীবান্ধৰ সমস্যা সমাধান কৰা দাবীতেই আছুৱে পালন কৰিছে এই বিক্ষোভ কাৰ্যসূচী ।

প্ৰতিবাদকাৰীয়ে ক'লা বেজ পৰিধান কৰি 'আমাক ভুৱা আশ্বাস নালাগে, ফলাফল লাগে', অসম চুক্তি ৰূপায়ণ কৰক, ৬ নং দফা কাৰ্যকৰীকৰণ কৰক, বান-গৰাখহনীয়া সমস্যা সমাধান কৰক, নৰেন্দ্ৰ মোদী হুচিয়াৰ, অসম চৰকাৰ হায়-হায়, অসম চুক্তিলৈ ৰাজনীতি নচলিব ইত্যাদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিবেশ । 

এই বিক্ষোভ কাৰ্যসূচীতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, অসমৰ সমস্যা সমাধানৰ ক্ষেত্ৰত মোদীয়ে দৃঢ় পদক্ষেপ গ্ৰহণ নকৰে কিন্তু নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত সঘনাই অসমলৈ আহিব পাৰে ।

এই প্ৰতিবাদী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ লগতে উপসভাপতি বিপুল ৰাভা, ৰাজ্যকি কাৰ্যনিৰ্বাহক ৰাইফুদ্দিন আহমেদকে ধৰি প্ৰায় ৩ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ।