কাহিলীপাৰাত এম্বুলেন্সত অগ্নিকাণ্ড
গুৱাহাটী : মঙলবাৰে গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । ১০৮ সেৱাত নিয়োজিত এখন এম্বুলেন্সত সংঘটিত হয় অগ্নিকাণ্ড । হঠাৎ দাও দাওকৈ জ্বলি উঠে বাহনখন ।
জানিবলৈ পৰা মতে, বিদ্যুতিক শ্ব'ৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হৈছে এই ঘটনা । সৌভাগ্য ক্ৰমে অগ্নি সংযোগৰ সময়ত বাহনখনত নাছিল কোনো ৰোগী ।
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণ ৰূপে ভস্মিভূত হয় বাহনখন ।
দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল কুমাৰ দাসে জি প্লাছক জনোৱা মতে এই ঘটনাত কোনো লোকৰ হতাহতি হোৱা নাই । আনহাতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।