গুৱাহাটীৰ ভেটাপাৰাত সন্দহজনক অৱস্থাত উদ্ধাৰ মৃতদেহ
দৈনিক বাতৰি

গুৱাহাটীৰ ভেটাপাৰাত সন্দহজনক অৱস্থাত উদ্ধাৰ মৃতদেহ - G Plus Assam

জি প্লাছ নিউজ | October 16, 2020 10:32 hrs

গুৱাহাটী ভেটাপাৰা উৰণীয়া সেঁতুৰ তলত ভাসমান অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ।


আৰক্ষীৰ অনুসন্ধানত মৃত ব্যক্তিজন সত্যজিৎ ডেকা বুলি জানিব পৰা গৈছে। তেওঁ মূলতে নলবাৰীৰ আৰু বৰ্ত্তমানে বেলতলাৰ লক্ষী মন্দিৰ অঞ্চলৰ বাসিন্দা আছিল।


জি প্লাছক হাতীগাঁৱ আৰক্ষী থানাৰ পৰা বীৰেন ডেকাই মৃত জনৰ পৰিচয় দি কয় যে,“আমি মৃত দেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠাইছো। প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে তেওঁ সম্ভৱতঃ বশিষ্ট জলপ্ৰপাপত ডুবি গৈছিল।”


অনুসন্ধান অনুসৰি, ডেকাই সুৰাপানৰ কৰি আছিল, যাৰ ফলত হয়তো তেওঁ পানীত ডুবিছিল। মৰণোত্তৰ পৰীক্ষাৰ পিছত সবিশেষ জানিব পৰা যাব।