গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা | গুৱাহাটী নিউজ
দৈনিক বাতৰি

গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা

জি প্লাছ নিউজ | January 23, 2021 13:07 hrs

গুৱাহাটী : গুৱাহাটীৰ লতাশিল খেল পথাৰৰ সমীপত ভয়াংকৰ পথ দুৰ্ঘটনা । তিনিখন বাহনৰ মাজত সংঘটিত হয় সংঘৰ্ষ । কথমপি প্ৰাণ ৰক্ষা পৰে বহু লোকৰ । 

 

এখন টাটা ডি আই বাহন, এখন চিটি বাছ আৰু এখন অল্ট' বাহনৰ মাজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । 

 

প্ৰত্যক্ষ দৰ্শীৰ মতে গৰু কঢ়িয়াই নিয়া ডি আই বাহনখনে তীব্ৰগতিত যোৱাৰ বাবেই এই ঘটনা সংঘটিত হয় । ডি বাহন খনে তীব্ৰ গতিত চিটি বাছত খুন্দা মাৰে ।  ইয়াৰ পাছতেই বাৰৱাৰী ফালৰ পৰা আন এখন অল্ট' বাহনো দুৰ্ঘটনাগ্ৰস্ত হয় । 

 

লতাশিল যানবাহন আৰক্ষী মুমিন চৌধুৰীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত কয় যে, দ্ৰুতগতিত অহা ডি আই বাহন খনে প্ৰথমে চিটি বাছত খুন্দা মাৰে । ইয়াৰ পিছতেই বাৰৱাৰী দিশৰ পৰা অহা এখন অল্ট' বাহনেও খুন্দা মাৰে দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখনত ।

 

এই দুৰ্ঘটনাত তিনিখন বাহনেই বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । এই ঘটনাত সামান্য় পৰিমাণে আৰোহী আহত হয় যদিও সৌ-ভাগ্য ক্ৰমে নিহত হোৱা নাই কোনো লোক ।