মহানগৰীত ফেশ্বন ডিজাইনাৰৰ ৰহস্যজনক মৃত্যু
দৈনিক বাতৰি

মহানগৰীত ফেশ্বন ডিজাইনাৰৰ ৰহস্যজনক মৃত্যু

জিপ্লাছ নিউজ ডেস্ক | January 13, 2020 12:09 hrs

১৩ জানুৱাৰী , গুৱাহাটী : বিহুৰ প্ৰাকক্ষণতেই মহানগৰীত এগৰাকী ফেশ্বন ডিজাইনাৰৰ ৰহস্যজনক মৃত্যু। গুৱাহাটীৰ জালুকবাৰী এলেকাৰ নিজ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰে মৌচুমী শইকীয়া চহৰীয়াক। 

ডিজাইনাৰগৰাকীৰ এই ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাই তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত সন্দেহ কৰি দিপাংকৰ দাসক আটক কৰিছে। 

ডিজাইনাৰগৰাকীৰ শটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ পোষ্ট মৰ্টোমৰ বাবে প্ৰেৰণ কৰিছে।    

প্ৰতিনিধিত্বমূলক ছবি