পুনৰ ৭ দিনৰ বাবে তলা উলমিল গণেশগুৰিৰ ৩ খন হোটেলত
১৩ আগষ্ট, গুৱাহাটী - মহানগৰীত অব্য়াহত আছে খাদ্য সুৰক্ষা বিভাগৰ অভিযান। ইখনৰ পাছত সিখনকৈ হোটেল আৰু ৰেষ্টোৰাত বন্ধৰ নিৰ্দেশনা জাৰী কৰিছে খাদ্য সুৰক্ষা বিভাগে। মঙলবাৰে গণেশগুৰিৰ হোটেল গামছ ডেলিকেচী, লখিমী আৰু দিচাং হোটেলকেইখনত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিছে খাদ্য় সুৰক্ষা বিভগে।
উক্ত অভিযানত ম্যাদ উকলা মছলাৰে খাদ্য প্ৰস্তুত কৰাৰো অভিযোগ। ইফালে গণেশগুৰিৰ পুৰণি লখিমীৰ চাহৰ হোটেলখনত স্বত্ত্বাধিকাৰীয়ে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াকেইজনক অনুজ্ঞাপত্ৰ দেখুৱাব পৰা নাই ।
লগতে দিচাং হোটেলখনৰ কৰ্মচাৰীয়ে অজ্ঞাত হোটেলৰ অনুজ্ঞাপত্ৰৰ কথা। হোটেলখনৰ কৰ্মচাৰীয়ে অনুজ্ঞাপত্ৰ দেখুওৱাব নোৱাৰিলে বিষয়াসকলক। ইফালে গণেশগুৰিৰ আন কেইবাখনো হোটেলটো এই অভিযান চলোৱা হয়।