গুৱাহাটী লকডাউন: লকডাউনৰ প্ৰথমৰ ৭ দিনলৈ  শাক-পাছলি , মাছ, মাংস আৰু  গেলামালৰ দোকানসমূহৰ  বন্ধৰ ঘোষণা   
দৈনিক বাতৰি

গুৱাহাটী লকডাউন: লকডাউনৰ প্ৰথমৰ ৭ দিনলৈ  শাক-পাছলি , মাছ, মাংস আৰু  গেলামালৰ দোকানসমূহৰ  বন্ধৰ ঘোষণা   

জিপ্লাছ নিউজ ডেস্ক | June 26, 2020 14:02 hrs

২৬ জুন, গুৱাহাটী: অহা দেওবাৰৰ নিশা ১২ বজাৰ পৰা পৰৱৰ্তী ১৪ দিনলৈ মহানগৰীত সম্পূৰ্ণ লকডাউনৰ ঘোষণা ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ । আজি এক সংবাদমেলযোগে মন্ত্ৰীগৰাকীয়ে অহা ১২ আগষ্টলৈ সমগ্ৰ কামৰূপ মেট্ৰ’ বন্ধৰ ঘোষণা কৰি কয় যে এই লকডাউনৰ প্ৰথম ৭ দিনলৈ পূৰ্বৰ দৰে গেলামাল , শাক পাছলি, মাছ মাংস তথা কোনো ব্যৱসায়  প্ৰতিষ্ঠান খুলিব নোৱাৰিব। 

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম ৭ দিন পৰিলক্ষিত কৰাৰ পাছতহে চৰকাৰে পৰৱৰ্তী সময়ত গেলামাল, শাক-পাছলি তথা মাছ মাংসৰ দোকানসমূহৰ খোলাৰ কথা পৰ্যালোচনা কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। এই দুদিনৰ ভিতৰতে মহানগৰবাসীক লাগতিয়াল সকলো সামগ্ৰী কিনি লবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।