হাতীগাঁও থানাত আন্তসমৰ্পণ হত্যাকাৰী স্বামীৰ | গুৱাহাটী নিউজ
দৈনিক বাতৰি

হাতীগাঁও থানাত আন্তসমৰ্পণ হত্যাকাৰী স্বামীৰ

জি প্লাছ নিউজ | January 22, 2021 13:35 hrs

গুৱাহাটী: ১৫ জানুৱাৰীৰ নিশা গুৱাহাটীৰ হাতীগাঁৱত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড । পত্নী ৰাছিদা বেগমক ডিঙি চেপি হত্যা কৰি মৃতদেহ বস্তাত ভৰাই বিছনাৰ তলত লুকোৱাই পিচদিনা তিনিবছৰীয়া কন্যা সন্তানক লৈ ভাড়াঘৰত তলা মাৰি পলায়ন কৰিছিল স্বামীয়ে । 


অৱশ্যে ১৭ জানুৱাৰীৰ বিয়লি ভাগত হত্যাকাৰী স্বামী মইনুল হকে সমগ্ৰ ঘটনাৰ স্বীকাৰোক্তি হাতীগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন ডেকাক ফোন যোগে অৱগত কৰিছিল ।  লগতে শীঘ্ৰেই আত্মসমৰ্পণ কৰাৰ কথাও আৰক্ষীগৰাকীৰ আগত অৱগত কৰিছিল । 


ইয়াৰ পাছতেই আৰক্ষীয়ে মইনুল হকে ভাড়া থকা লক্ষ্মীনাথ বেজবৰুৱা পথৰ ভাড়াঘৰটোত তালাচী চলাই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । 


আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অভিযান চলাইছিল যদিও অৱশেষত বুধবাৰে স্বয়ং নিশা হাতীগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ কৰে  হত্যাকাৰী স্বামী মইনুল হকে । ইপিনে ইতিমধ্যে মইনুল হকৰ তিনি বছৰীয়া কন্যাগৰাকীক মাহীয়েক অৰ্পণ কৰাৰ হৈছে ।