২০২০ চনৰ পিছতেই গুৱাহাটীয়ে পাইপযোগে লাভ কৰিব ৰন্ধন গেছ
দৈনিক বাতৰি

২০২০ চনৰ পিছতেই গুৱাহাটীয়ে পাইপযোগে লাভ কৰিব ৰন্ধন গেছ

জিপ্লাছ ব্যুৰ’ | July 11, 2019 16:41 hrs

১২ জুলাই, গুৱাহাটী - শীঘ্ৰেই গুৱাহাটীবাসীয়ে ঘৰে ঘৰে লাভ কৰিব পাইপযোগে গেছৰ যোগান। অহা ২০২০ চনৰ পিছতেই এই সেৱা গুৱাহাটীবাসীয়ে লাভ কৰিব। অনাগত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত বিহাৰৰ বাৰাউনী আৰু গুৱাহাটীৰ মাজত নতুন পাইপলাইন স্থাপনৰ কাম সম্পূৰ্ণ হ’লেই পাইপযোগে ঘৰলৈ গেছ যোগানৰ অভিলাষী লক্ষ্যত উপনীত হ’ব পৰা যাব।

গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ গ্ৰাম্য জিলা আৰু বৰাক উপত্যাকাৰ তিনি জিলাত প্ৰথম পৰ্যায়ত পাইপ গেছ যোগান ধৰাৰ বাবে বৃহস্পতিবাৰে অসম গেছ কোম্পানী লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু গেইল গেছ লিমিটেডৰ মাজত দিছপুৰত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে।

নগৰ পাইপ গেছ যোগানৰ বাবে অসম গেছ কোম্পানী লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু গেইল গেছ লিমিটেডে চিটি গেছ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কৰ বাবে কালি এক নতুন গেছ কোম্পানী গঠনৰ চুক্তি স্বাক্ষৰ কৰা হয়। এই সন্দৰ্ভত কালি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বৰ্তমানৰ অসম চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। অসম চৰকাৰে অবিৰতভাৱে নেশ্যনেল গেছ গ্ৰিড পাইপলাইন (উৰ্জা গংগা প্ৰকল্প) অসমলৈকে বিস্তৃত কৰিবলৈকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। 

ইয়াৰ পিছতেই উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যক ইন্দ্ৰধনুষ গেছ গ্ৰিড প্ৰাইভেট লিমিটেডে নেশ্যনেল গেছ গ্ৰিডৰ সৈতে সংযুক্ত কৰিব। অসমৰ সৈতে নেশ্যনেল গেছ গ্ৰিডৰ এনে পোনপটীয়া সংযোগ আৰু গেছৰ অবিৰত যোগানে উদ্যোগ খণ্ড, শক্তি উৎপাদন খণ্ড, অটোমোটিভ চিএনজি খণ্ড, ঘৰুৱা ব্যৱহাৰৰ বাবে পাইপেৰে গেছ যোগান আদিয়ে এই খণ্ডসমূহত ব্যাপক পৰিবৰ্তন আনিব আৰু উন্নয়নৰ গতি তৰান্বিত কৰিব।

কামৰূপ, কামৰূপ মহানগৰ, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বাণিজ্যিক আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে সদ্যহতে প্ৰথম পৰ্যায়ত পাইপেৰে প্ৰাকৃতিক গেছৰ যোগান ধৰা হ’ব।  এই পাচখন জিলাত প্ৰায় ৪.১৬ লাখটা পৰিয়ালে পাইপেৰে গেছ যোগান আঁচনিৰ পৰা উপকৃত হ’ব।  অনাগত দিনবোৰত ৭২ টা চিএনজি ষ্টেশ্যন স্থাপন কৰা হ’ব।

এই পাচখন জিলাত এই প্ৰকল্প স্থাপনৰ বাবে ১৭০০ কোটি টকা ব্যয় কৰা হ’ব।

Banner

প্ৰতিনিধিত্বমূলক ছবি

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Primus Hospital

    Do you want to sell your kidney? Are you seeking for an opportunity to sell your kidney due to financial break down, then contact us today, amount of 2 crore for your Kidney. whatsApp +918929375881. Email: primussuperspecialityhospitals@gmail.com