Flash Flood Across Guwahati Due To Heavy | Assamese News
দৈনিক বাতৰি

ধাৰাষাৰ বৰষুণে গুৱাহাটীত সৃষ্টি কৰিলে আকস্মিক বানৰ

জি প্লাছ নিউজ্ডেস্ক | September 14, 2020 11:46 hrs

১৪ ছেপ্তেম্বৰৰ পুৱাৰ এজাক ধাৰাষাৰ বৰষুণতে গুৱাহাটীত  আকস্মিক বানৰ সৃষ্টি।


অভূতপূৰ্ব বৰষুণ এজাকতে ‘স্মাৰ্ট চিটি’খনৰ  ঠায়ে ঠায়ে পানী জমা হয়।


একেৰাহে হৈ থকা বৰষুণজাকৰ লগে লগে বিভিন্ন ঠাই যেনে, জু-ৰ’ড, চান্দমাৰি, আমবাৰী, কালাপাহাৰ, উলুবাৰী, হাতীগাঁৱ, দিচপুৰ,  গান্ধী মণ্ডপ আৰু খ্ৰীষ্টান বস্তি আদিৰ পৰা আকস্মিক বানৰ বিভিন্ন ফটো আৰু বাতৰি ও আহি থাকে।


ব্যস্তৰে ভৰা সময়খিনিত গুৱাহাটীবাসীৰ লগত যোগাযোগ কৰাৰ বাবে গুৱাহাটী ট্ৰেফিক পুলিচে টুইটাৰে যোগে জনায় যে, “চান্দমাৰি আৰু মালিগাঁও অঞ্চলত পানী জমা হৈ আছে। অনুগ্ৰহ কৰি সাৱধানে বাহন চলাব।”


‘‘অনুগ্ৰহ কৰি টিচি পইন্টৰ পৰা চান্দমাৰি লৈ জিএনবি পথ এৰি চলিব কাৰণ তাত বাহন চলাচল সম্ভৱ নহয়।” তেওঁলোকে লগতে জনায়।