অসমৰ তিনি আৰক্ষী বিষয়ালৈ কেন্দ্ৰৰ অনুসন্ধান পাৰদৰ্শিতা বঁটা

Thursday, 12 December 2019

দৈনিক বাতৰি

অসমৰ তিনি আৰক্ষী বিষয়ালৈ কেন্দ্ৰৰ অনুসন্ধান পাৰদৰ্শিতা বঁটা

জি প্লাছ নিউজডেস্ক | August 13, 2019 15:35 hrs

১৩ আগষ্ট, গুৱাহাটী - কেন্দ্ৰীয় গৃহ বিভাগে অসমৰ তিনিগৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰৰ অনুসন্ধান পাৰদৰ্শিতা বটাঁ আগবঢ়াইছে।  হাইলাকান্দিৰ উপ–আৰক্ষী অধীক্ষক নয়নমণি বৰ্মন, উপ–পৰিদৰ্শক ইমদাদুল হুছেইন আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিলৈ এই সন্মান আগবঢ়াইছে। 

কিনিৰুং ৰিয়াং হত্যাকাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে অসম আৰক্ষী সেৱাৰ উপ–পৰিদৰ্শক ইমদাদুল হুছেইনলৈ এই বঁটা আগবঢ়োৱা হৈছে। আনহাতে, নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে বটদ্ৰৱা কাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে এই স্বীকৃতি আগবঢ়োৱা হৈছে ।

উল্লেখ্য় যে দেশৰ মুঠ ৯৬গৰাকী আৰক্ষী বিষয়াই এই বঁটা লাভ কৰে।