১৫ কিলোমিটাৰ দীঘল জাতীয় পতাকা! সৃষ্টি হ’ল নতুন অভিলেখ

Thursday, 12 December 2019

দৈনিক বাতৰি

১৫ কিলোমিটাৰ দীঘল জাতীয় পতাকা! সৃষ্টি হ’ল নতুন অভিলেখ

জি প্লাছ নিউজডেস্ক | August 13, 2019 18:45 hrs

১৩ আগষ্ট, গুৱাহাটী - সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সৃষ্টি কৰা হ’ল এক অভিনৱ অভিলেখ। কেবা হেজাৰ শিক্ষাৰ্থী, বিভিন্ন সামাজিক সংগঠনৰ সদস্যই লগলাগি সৃষ্টি কৰিলে এই অনবদ্য অভিলেখ। ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন জাতীয় পতাকা প্ৰস্তুত কৰি দেশবাসীৰ বাবে প্ৰদৰ্শন কৰা হ’ল ৰাজপথত। ছট্টীশগড়ৰৰ ৰাজপথত সৃষ্টি হ’ল এই অভিলেখ।

১৫ কিলোমিটাৰ দীঘল এই জাতীয় পতাকাৰ প্ৰস্তুতি তথা উপস্থাপনৰ উদ্যোগ হাতত লৈছিল বাসুদেৱ কুটুম্বকম ফাউণ্ডেশনে। ইয়াৰ যোগেদি বিশ্বৰ দীর্ঘতম ত্ৰিৰঙ্গাৰ ক্ষেত্ৰতো নাম লিপিবদ্ধ কৰিলে বুক অৱ ৱৰ্ল্ড ৰেকর্ডছত। ছট্টীশগড়ৰ জনসংযোগ বিভাগৰ পৰা জনোৱা হৈছে এই কথা।

ৰাইপুৰৰ বিভিন্ন বিদ্যালয়ৰ কেবাহাজাৰ শিক্ষাৰ্থী আৰু ৩৫ টা সামাজিক সংগঠনৰ কৰ্মকৰ্তাই এই মানৱশৃংখলত অংশগ্ৰহণ কৰি জাতীয় পতাকাখন উপস্থাপন কৰে। ৰাইপুৰৰ আমপাৰা চকৰ পৰা পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয় পৰ্যন্ত এই ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পতাকা উপস্থাপন কৰা হৈছে।

এই অনুষ্ঠানত ছট্টীশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ লগতে প্রাক্তন মুখ্যমন্ত্রী ৰমন সিংহ আৰু অজিত যোগী তথা ৰাজ্যৰ একাধিক মন্ত্ৰী বিধায়কেও অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ শেষত চেম্পিয়ন বুক অৱ ৱর্ল্ড ৰেকর্ডৰ প্রতিনিধিয়ে নতুন এই অভিলেখৰ কথা ঘোষণা কৰি আয়োজকৰ হাতত প্ৰমাণপত্ৰ প্ৰদান কৰে।