মই ভাবো, নাগৰিকত্ব বিধেয়কখন মৌলিকভাৱে অসাংবিধানিক। - শশী থাৰুৰ
AD Banner
দৈনিক বাতৰি

মই ভাবো, নাগৰিকত্ব বিধেয়কখন মৌলিকভাৱে অসাংবিধানিক। - শশী থাৰুৰ

জিপ্লাছ ব্যুৰ’ | December 04, 2019 17:14 hrs

গুৱাহাটী - নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ মৌলিক সাংবিধানিক ভিত্তিয়েই নাই। এই কথা আজি প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা শশী থাৰুৰে।

থাৰুৰে আজি সাংবাদিকৰ আগত কয়, "মই ভাবো যে এই বিধেয়কখন মৌলিকভাৱে অসাংবিধানিক, কাৰণ এই বিধেয়কখনে ভাৰতৰ প্ৰাথমিক ধাৰণাকেই ভিত্তিহীন কৰি তোলে। যিসকলে ভাবে যে ধৰ্মৰ দ্বাৰা নাগৰিকত্বৰ ভেটি গঢ়িব পাৰি, সেয়া ভুল হ’ব, কিয়নো সেই ধাৰণা হৈছে পাকিস্তানৰ আৰু সেয়ে তেওঁলোকে পাকিস্তান সৃষ্টি কৰিলে। আমি সদায়েই সেই ধাৰণাকেই আমাৰ দেশৰ ধাৰণা বুলি গণ্য কৰো, যিবোৰ ধাৰণা মহাত্মা গান্ধী, নেহৰুজী, মৌলানা আজাদ, বা ড. আম্বেদকাৰে আমাক দি থৈ গৈছে।"

উল্লেখ্য যে আজি পুৱা কেন্দ্ৰীয় কেবিনেটে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা অনা-মুছলমান শৰণীৰ্থীসকলক নাগৰিকত্ব প্ৰদানৰ বাবে আগবঢ়োৱা নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰে। 

AD Banner