AN-32 বিমানৰ ধ্বংসাৱশেষৰ ছবি প্ৰকাশ, গৰুড় কমাণ্ডোৰে উদ্ধাৰ অভিযান আৰম্ভ
১২ জুন, গুৱাহাটী - সম্পূৰ্ণ ৮ দিন পিছত মঙলবাৰে সন্ধান ওলাইছিল ভাৰতীয় বায়ুসেনাৰ সন্ধানহীন বিমান AN-32ৰ ধ্বংসাৱশেষৰ। অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাত দেখা গৈছিল বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছে। আজি সেই অঞ্চলটোৰেই আকাশমাৰ্গৰ পৰা লোৱা মেপ প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে। ভাৰতীয় বায়ুসেনাৰ সূত্ৰত প্ৰকাশ যে নিখোজ বিমানৰ ধ্বংসাৱশেষৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ হৈছে। AN-32 বিমানখনৰ ধ্বংসাৱশেষৰ সন্ধানত MI17S আৰু এডভাঞ্চ লাইট হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।
ইফালে AN-32 বিমানৰ বাকী ধ্বংসাৱশেষৰ লগতে কোনো লোক এতিয়াও জীৱিত হৈ আছে নেকি তাৰেই সন্ধানত বায়ুসেনাই আজি পুৱাৰে পৰা গৰুড় কমাণ্ডোৰ লগতে নিজেও দল নিয়োগ কৰিছে। তথ্য অনুসৰি মঙলবাৰে সন্ধিয়া ধ্বংসাৱশেষ প্ৰত্যক্ষ কৰাৰ পিছতে সেনাই ধ্বংসাৱশেষৰ স্থানত চিটা আৰু এডভাঞ্চ লাইট হেলিকপ্টাৰ ব্যৱহাৰৰ চেষ্টা চলাইছিল, কিন্তু ঘন পাহাৰীয়া জংঘলৰ বাবে হেলিকপ্টাৰ নমাব নোৱাৰিলে। মঙলবাৰে নিশা নিখোজ বিমানখনৰ ধ্বংসাৱশেষৰ ছবি পোহৰলৈ আহে।