ঢাকা সীমান্তত গুৱাহাটীৰ পৰা যোৱা ইণ্ডিগ’ বিমানৰ পথ বিভ্ৰম, কথমপি প্ৰাণৰক্ষা শতাধিক যাত্ৰীৰ

Saturday, 05 December 2020

দৈনিক বাতৰি

ঢাকা সীমান্তত গুৱাহাটীৰ পৰা যোৱা ইণ্ডিগ’ বিমানৰ পথ বিভ্ৰম, কথমপি প্ৰাণৰক্ষা শতাধিক যাত্ৰীৰ

জি প্লাছ নিউজডেস্ক | November 01, 2018 19:24 hrs

গুৱাহাটী - ইণ্ডোনেছিয়াৰ জাভা সাগৰত সংঘটিত বিমান দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আন এক নিশ্চিত বিমান দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল শতাধিক ভাৰতীয় যাত্ৰী। বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা কলকাতা অভিমুখে ৰাওনা হৈছিল এখন ইণ্ডিগ’ বিমান আৰু সেই একে সময়তেই চেন্নাইৰ পৰাও গুৱাহাটীলৈ বুলি আহি আছিল আন এখন বিমান। আৰু দুয়োখন বিমান আকাশমাৰ্গত থকাৰ সময়তে বাংলাদেশৰ ঢাকা এয়াৰ ট্ৰেফিক কন্ট্ৰ’লৰ পৰা এক ভুল ছিগনেল আহে।

অৱশ্যে কিছুসময়ৰ ভিতৰতেই কলকাতা এয়াৰ ট্ৰেফিক কন্ট্ৰ’লে এই ভুল ধৰা পেলায় আৰু ঢাকা চেণ্টাৰলৈ তথ্য প্ৰেৰণ কৰে। ফলত নিশ্চিত এক ভয়াবহ দুৰ্ঘটনাৰ পৰা ৰক্ষী পৰে দুয়োখন বিমান।

এই ভুল ছিগনেলৰ বাবে দুয়োখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছিল। আৰু জানিব পৰামতে কলকাতা কণ্ট্ৰ’ল বিভাগৰ তৰফৰ পৰা ঢাকা এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল বিভাগলৈ এক অভিযোগ দাখিল কৰাৰো প্ৰস্তুতি চলিছে।

প্ৰতিনিধিত্বমূলক ছবি