গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দৈনিক বাতৰি

গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জি প্লাছ নিউজডেস্ক | February 08, 2019 19:12 hrs

গুৱাহাটী - গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰত অৱতৰণ বিমান। বিমান বন্দৰৰ পৰা ৰাওনা হ’ব ৰাজভৱনলৈ। নিশাটো ৰাজভৱনতে কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাইলৈ কেইবাটাও কাৰ্যসূচীত অংশ ল’ব। AIIMSৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। অৰুণাচল আৰু ত্ৰিপুৰাৰ জনসভাতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত্‍ দাসে।

ইফালে প্ৰধানমন্ত্ৰীৰ অৰুণাচল ভ্ৰমণৰ বিৰোধিতা কংগ্ৰেছৰ। ইটানগৰ ভ্ৰমণৰ সময়ত প্ৰতিবাদ কৰিব কংগ্ৰেছে। ক’লা বেলুন উৰুৱাব আৰু ক’লা পতাকা প্ৰদৰ্শন কৰিব। বিতৰ্কিত বিধেয়কৰ বিৰোধিতাৰে সাব্যস্ত কৰিব প্ৰতিবাদ। দিল্লীত এই ঘোষণা অৰুণাচল কংগ্ৰেছৰ সভাপতি তাকাম সঞ্জয়ৰ। ‘কেন্দ্ৰীয় সাহায্যৰ আশাত বিজেপিত যোগ দিছিল কংগ্ৰেছ বিধায়কে, অৰুণাচলৰ কংগ্ৰেছৰ বিধায়কে দলে বলে যোগদান কৰিছিল কিন্তু কেন্দ্ৰই সীমান্ত ৰাজ্যখনক প্ৰতাৰণা কৰিলে, বিতৰ্কিত বিধেয়ক আনি উত্তৰ-পূবক ধ্বংস কৰিব বিচাৰিছে।’– এই মন্তব্য অৰুণাচল কংগ্ৰেছৰ সভাপতিগৰাকীৰ।

Banner