আই এছ এল | নৰ্থ-ইষ্ট ইউনাইটেড - বেংগালুৰু এফচিৰ খেল ড্ৰ

Wednesday, 20 November 2019

দৈনিক বাতৰি

ৰোণাল্ডোৰ গ’ল!! নৰ্থ-ইষ্ট ইউনাইটেড - বেংগালুৰুৰ খেল ড্ৰ

জিপ্লাছ নিউজডেস্ক | December 05, 2018 21:54 hrs

গুৱাহাটী - কালি শীতৰ মাজত বুৰ যোৱা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ খেলত বেংগালুৰু এফ চিৰ বিৰুদ্ধে  আণ্ডাৰডগ হৈয়েই অৱতীৰ্ণ হৈছিল নৰ্থ-ইষ্ট ইউনাইটেড এফচি। সমূখত ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীক লৈ আক্ৰমণ আৰম্ভ কৰিছিল বেংগালুৰুৱে। সোঁফালে জাতীয় দলৰ ক্ষীপ্ৰতম উইংগাৰ উদান্ত সিং। নৰ্থ-ইষ্ট ইউনাইটেডৰ গ’লবক্সত তীব্ৰ স্নায়ুচাঁপত পৱন কুমাৰ। বাৰম্বাৰ কৰিছে ভুলৰ উপৰি ভুল। ইমানৰ পিছতো যেন ভাগ্যই লগ এৰা নাছিল পৱন কুমাৰক। প্ৰথমাৰ্ধ গ’লশুন্য। দুয়োদলেই পিছে আক্ৰমণ ৰচনা কৰিলে সমানেই। গায়েগো, অ’বেছেৰ সুন্দৰ বুজাপৰাৰে কেবাটাও আক্ৰমণ ৰচনা কৰিলে নৰ্থ-ইষ্টে। ইফালে দুই দীৰ্ঘদেহী ছাৰ্বিয়ান ডিফেন্সে ব্যতিব্যস্ত কৰি ৰাখিলে ভাৰতীয় অধিনায়কক।

আৰম্ভ হ’ল দ্বিতীয়াৰ্ধ। অধিক সংঘবদ্ধ হৈ আক্ৰমণ ৰচনা এইবাৰ ইউনাইটেডৰ। তেতিয়া সময় ৬৪ মিনিট। বিপক্ষৰ গ’লবক্সত পুনৰ অধিনায়ক অ’বেচেৰ ভৰিত বল। মুহুৰ্ততে আগুৰি ধৰিলে বেংগালুৰু ডিফেন্সে। খালী হৈ পৰিল ডিবক্সৰ লেফ্ট ফ্লেংক। সুযোগ সন্ধানী উৰুগুয়ান গায়েগো উপস্থিত। তিনিগৰাকী ডিফেণ্ডাৰক বুদ্ধিদীপ্ততাৰে চম্ভালি বলি উলিয়াই দিলে গায়েগোলৈ। কি অনবদ্য ডোজ!! দীৰ্ঘদেহী ইংৰাজ ডিফেণ্ডাৰক সুন্দৰ ডোজেৰে পৰাস্ত কৰি গ’ললৈ তীব্ৰশ্বট গায়েগোৰ। পৰাভুত হ’ল ভাৰতীয় ফুটবল দলৰো গ’লৰক্ষক গুৰপ্ৰীত সিং সান্ধু। নাচি উঠিল সমগ্ৰ ষ্টেডিয়াম। ১-০.

এইবাৰ ৰোণাল্ডাৰ খেল?? হয় টেক্টিকেল চেইঞ্জ বেংগালুৰুৰ। ভুটানৰ ৰোণাল্ডো নামেৰে জনপ্ৰিয়, ভূটান ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক চেন্সো এইবাৰ ফিল্ডত সোমাল ডিফেণ্ডাৰ নিশ্বু কুমাৰৰ স্থানত। ৮০ মিনিটত ফিল্ডত সোমায়েই দমন কৰিবলৈ আৰম্ভ কৰিলে নৰ্থ-ইষ্ট ইউনাইটেডৰ ডিফেন্সক। আহ্, কি দুৰন্ত গতি, কি সৃষ্টিশীল ড্ৰিবলিং, অনায়াসে সৰ্পিল গতিৰে সোমাই পৰে বিপক্ষৰ হাফত। ছেত্ৰী-ছেন্সো-উদান্তৰ ধাৰাবাহিক আক্ৰমণত সমগ্ৰ ইউনাইটেড নিজৰ ফালৰ থাৰ্ড হাফত। ইয়াতেই সুযোগ নিজৰ ভৰিলৈ আনি ৯২ মিনিটত বেংগালুৰুৰ সমতা স্থাপন। কি দুৰন্ত গ’ল সেয়া?? এক্ৰোবেটিক শ্বটেৰে ডিফেন্স, গ’লকীপাৰ সকলোকে পৰাভূত কৰি কঁপাই তুলিলে ইউটাইটেডৰ নেট। মুহুৰ্ত্ততে শীতল হৈ পৰিল সৰুসজাই ষ্টেডিয়াম। এয়াই ছেন্সো। বিগত আই-লীগৰ সৰ্বাধিক গ’ল দাঁতা এইবাৰ আই-এছ-এলত। সাজু থাকক ৰোণাল্ডো প্ৰেমী। ভুটীয়া ৰোণাল্ডো আহি গ’ল। 

অতিৰিক্ত সময়ো শেষ হ’ল। তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত নৰ্থ-ইষ্ট ইউনাইটেড আৰু শীৰ্ষস্থানৰ বাংগালুৰু এফ চিৰ খেলখন ড্ৰ হ’ল। দ্বিতীয় স্থানতে থাকিল নৰ্থ-ইষ্ট ইউনাইটেড। ড্ৰ সত্ত্বেও তালিকাত দুয়োটা দলৰ অৱস্থানৰ কোনো সালসলনি হোৱা নাই।

নৰ্থ-ইষ্ট ইউনাইটেডে এইপৰ্যন্ত ১০ খন খেলৰ ৫ খনত জয়ী হোৱাৰ বিপৰীতে ৪ খন ড্ৰ খেলিছে। দলটোৰ মুঠ পইণ্ট হ’ল ১৯। আনহাতে বেংগালুৰু এফ চিয়ে এই পৰ্যন্ত ৯খন খেল খেলি মাত্ৰ ২খন খেলত ড্ৰ খেলাৰ বিপৰীতে ৭খনত জয়ী হৈছে। দলটোৰ পইণ্ট ২৩।

Banner

ভূটীয়া ৰোণাল্ডোৰ সেই অনবদ্য গ’লটো

Banner

নৰ্থ-ইষ্ট ইউনাইটেড এফচি