নাৰী অপহৰণ! খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সভাপতি অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ
দৈনিক বাতৰি

নাৰী অপহৰণ! খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সভাপতি অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ

জি প্লাছ ব্যুৰ’ | March 15, 2019 14:36 hrs

গুৱাহাটীঃ খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি অমিতাভ শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে নাৰী অপহৰণৰ অভিযোগ। শুকুৰবাৰে উক্ত অভিযোগত শৰ্মাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে হোজাই জিলাৰ কাকীৰ এগৰাকী যুৱতীক সংগঠনৰ কামত প্ৰলোভন দেখুৱাই নেপাললৈ নি বিক্ৰী কৰাৰ অভিযোগ। এই সন্দৰ্ভত য়ুৱতীগৰাকীৰ পৰিয়ালে ৰুজু কৰা এটি গোচৰৰ ভিত্তিত কাকী আৰক্ষীয়ে অভিযান আৰম্ভ কৰে।

পিছত কাকী আৰক্ষীয়ে নেপালৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ পিছতে কাকী আৰক্ষী আৰু দিছপুৰ আৰক্ষীৰ এটা দলে গুৱাহাটীৰ পৰা অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

 

Banner

অমিতাভ শৰ্মা