ভুমিস্খলন - ১৫ জুলাইৰ পৰা গুৱাহাটীৰ ২০ খন পাহাৰত চলাব অভিযান
দৈনিক বাতৰি

ভুমিস্খলন - ১৫ জুলাইৰ পৰা গুৱাহাটীৰ ২০ খন পাহাৰত চলাব অভিযান

জি প্লাছ নিউজডেস্ক | July 12, 2019 11:21 hrs

১২ জুলাই, গুৱাহাটী - গুৱাহাটীৰ ২০ খন পাহাৰত চলিব দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অভিযান। অহা ১৫ জুলাইৰ পৰা আৰম্ভ কৰা হ’ব এই অভিযান। শেহতীয়াকৈ গুৱাহাটীৰ চৌদিশে হোৱা ব্যাপক ভুমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ভূমিস্খলনৰ সমস্যাক লৈ এই সজাগতা অভিযান চলাব। অনাগত ৩ মাহ ধৰি চলিব এই সজাগতা অভিযান। ইতিমধ্যে এই অভিযান কাৰ্যকৰী কৰি তোলাৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীৰ আৱৰ্ত ভৱনত এক বিশেষ বৈঠকৰো আয়োজন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত আয়োজিত এই সভাত সংশ্লিষ্ট বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত কামৰূপ জিলা প্ৰশাসনে গুৱাহাটীৰ ২০ খন পাহাৰত চলাবলগীয়া এই অভিযানে পাহাৰীয়া অঞ্চলত বসবাস কৰা প্ৰায় ৯ হাজাৰ লোকক সামৰি ল'ব এই অভিযানে।

Banner

প্ৰতিনিধিত্বমূলক ছবি