হাতীগাঁও, দিছপুৰত ১৪৪ ধাৰা জাৰি
দৈনিক বাতৰি

হাতীগাঁও, দিছপুৰত ১৪৪ ধাৰা জাৰি

| March 15, 2019 16:57 hrs

গুৱাহাটীঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হাতীগাঁও, দিছপুৰ, ভঙাগড়, সোণাপুৰ আৰু ক্ষেত্ৰীত জাৰি কৰা হৈছে ১৪৪ ধাৰা। পূৱ গুৱাহাটী আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত ড. ৰমনদীপ কৌৰে জাৰি কৰা এক নিৰ্দেশনাযোগে সমগ্ৰ পূৱ গুৱাহাটী এলেকাৰ সাধাৰণ জনজীৱন ব্যাহত নহ'বৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই নিৰ্দেশনা প্ৰত্যাহাৰ নকৰা পৰ্যন্ত অঞ্চলটোত ৫জনৰ অধিক লোক একেলগে সমবেত হোৱা, ধৰ্ণা বা প্ৰতিবাদ কৰাতো বে-আইনী কাৰ্য হিচাপে পৰিগণিত হ'ব। একাংশ লোক তথা সংগঠনে অঞ্চলটোৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰিবলৈ চেষ্টা অব্যাহত ৰখালৈ চাই এই নিৰ্দেশনা জাৰি কৰাৰ কথা সদৰী কৰিছে উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে।

উল্লেখ্য যে, অসমত তিনিটা পৰ্যায়ত ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোটগণনা তথা ফলাফল ঘোষণা কৰা হ'ব অহা ২৩ মে'ত।

Banner

ফাইল ফটো