বৰপেটাত লাভ জেহাদৰ বলি হ’ল বহিঃৰাজ্যৰ যুৱতী 
দৈনিক বাতৰি

বৰপেটাত লাভ জেহাদৰ বলি হ’ল বহিঃৰাজ্যৰ যুৱতী 

জিপ্লাছ নিউজ ডেস্ক | October 10, 2019 12:00 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : দেশত সঘটনাই বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা । এইবাৰ অসমৰ যুৱকে প্ৰবঞ্চনাৰে বহিঃৰাজ্যৰ যুৱতীক লৈ আনিলে অসমলৈ । মহাৰাষ্ট্ৰৰ ৱাটমল জিলাৰ বনজাৰি চহৰৰ পৰা প্ৰেমৰ জালত ফুচুলাই বৰপেটাৰ এজন যুৱকে লৈ আনিলে যুৱতী গৰাকীক। 

মহাৰাষ্ট্ৰত বৰপেটাৰ চাদ্দাম চিদ্দিক নামৰ যুৱকজনে এটি কোম্পানীত কৰ্মৰত আছিল। সেই একেটা কোম্পানীতে কৰ্মৰত আছিল যুৱতীগৰাকীও। তাৰপিছতে চাদ্দামে হিন্দু বুলি পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল যুৱতীগৰাকীক । 

অসমত চাদ্দাম নামটো হিন্দুৱে ব্যৱহাৰ বুলি কৈ স্বয়ং নিজকে হিন্দু বুলি কৈ যুৱতীগৰাকীক ফোচলাই লৈ আনে। তাৰ পিছতে যুৱতীগৰাকীক হিন্দুৰ পৰা ইছলাম ধৰ্মলৈ সলনি কৰাই ঘৰৰ কাৰো লগত সম্পৰ্ক নাৰাখিবলৈ যুৱতীগৰাকীৰ ছিম ভাঙি পেলাইছিল। 

যুৱতীগৰাকীক ছাদ্দামে বন্দী কৰি ৰাখিছিল বুলিও অভিযোগ উত্থাপন কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে। কিন্তু যুৱতীগৰাকীৰ দেউতাকৰ ফোন নং মনত থকাৰ বাৰে অন্য লোকৰ পৰা ফোন কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে। 

এই ঘটনাৰ কথা হিন্দু জাগৰন মঞ্চই জ্ঞাত হোৱাত যোৱানিশা বৰপেটাৰ আৰক্ষী-প্ৰশাসনৰ সহযোগত গৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে । আজি যুৱতীগৰাকীক দেউতাক আৰু খুড়াকৰ হাতত গোটাই দি বিমানযোগে মহাৰাষ্ট্ৰলৈ পঠিয়াই দিয়ে বৰপেটা আৰক্ষীয়ে।

Banner

লাভ জেহাদ