মাছখোৱাৰ পৰা এএছটিচি বাছ টাৰ্মিনাছ স্থানান্তৰ কৰা হ’ল আইএছবিটিলৈ

Sunday, 23 February 2020

দৈনিক বাতৰি

মাছখোৱাৰ পৰা এএছটিচি বাছ টাৰ্মিনাছ স্থানান্তৰ কৰা হ’ল আইএছবিটিলৈ

জিপ্লাছ | February 14, 2020 14:39 hrs

গুৱাহাটী - মাছখোৱা-ভৰলুমুখ এলেকাত যথেষ্ট পৰিমাণ যান-জঁট সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে মাছখোৱাত থকা এএছটিচি বাছ টাৰ্মিনাছটো আইএছবিটিলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ দ্বাৰা গঠিত দুজনীয়া বিচাৰপীঠে এক নিৰ্দেশনা আগবঢ়াই এই কথা উল্লেখ কৰে। উল্লেখ্য যে ৰীতা দাস মজুমদাৰ নামৰ এগৰাকী লোকে 72/2016 নম্বৰৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল এই সমগ্ৰ গোচৰ সন্দৰ্ভত। 

এই স্থানান্তৰ সন্দৰ্ভত এএছটিচিৰ উপ মহাপ্ৰবন্ধক কুলেন্দ্ৰ নাথ খাটনিয়াৰে জিপ্লাছক কয়, “আমি সময় বিচাৰি উচ্চ ন্যায়ালয়লৈ পত্ৰ লিখিছো। ইতিমধ্যে এখন নিবিদা উলিওৱা হৈছে আৰু চৰকাৰেও ইয়াৰ বাবে ১ কোটি টকা আবণ্টন দিছে। 

সম্প্ৰতি থকা আইএছবিটি টাৰ্মিনাছৰ পিছফালে থকা এক বিস্তীৰ্ণ এলেকা আমাক প্ৰদান কৰা হৈছে আৰু এই ঠাইখিনিৰ উন্নয়নৰ কাম আৰম্ভ কৰি দিয়া হৈছে। চলিত বৰ্ষৰে জুলাই মাহত এই বাছ টাৰ্মিনাছটো আইএছবিটিলৈ স্থানান্তৰ কৰাৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি আমি আদালতক অৱগত কৰিছো।