বিশিষ্ট নিবন্ধকাৰ তথা অৰ্ণৱ গোস্বামীৰ পিতৃ মনোৰঞ্জন গোস্বামীৰ বিয়োগ
দৈনিক বাতৰি

বিশিষ্ট নিবন্ধকাৰ তথা অৰ্ণৱ গোস্বামীৰ পিতৃ মনোৰঞ্জন গোস্বামীৰ বিয়োগ

জি প্লাছ নিউজডেস্ক | November 09, 2018 11:13 hrs

গুৱাহাটী - বিশিষ্ট নিবন্ধ লেখক কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ দেহাৱসান। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মুম্বাইত চিকিৎসাধীন হৈ থকা অৱসৰপ্ৰাপ্ত কৰ্ণেল গোস্বামীয়ে শুক্ৰবাৰে পুৱতি নিশা ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে আবেলি গুৱাহাটীত সম্পন্ন হ’ব। উল্লেখ্য যে ১৯৫৮ চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল কৰ্ণেল গোস্বামীয়ে। কৰ্ণেল গোস্বামীৰ মৃত্যুত বিভিন্নজনৰ শোক প্ৰকাশ। ভাৰতীয় সেনা বাহিনীত মনোৰঞ্জন গোস্বামীয়ে কৰ্ণেল পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।

Banner

প্ৰয়াত অৱসৰপ্ৰাপ্ত কৰ্ণেল মনোৰঞ্জন গোস্বামী