আকৌ গে’ট হস্পিতাল! গুৱাহাটীত পুনৰ ভুল চিকিৎসাৰ বলি হ’ল এজন

Wednesday, 20 November 2019

দৈনিক বাতৰি

আকৌ গে’ট হস্পিতাল! গুৱাহাটীত পুনৰ ভুল চিকিৎসাৰ বলি এজন

জি প্লাছ নিউজডেস্ক | December 06, 2018 11:30 hrs

গুৱাহাটী - গুৱাহাটীত পুনৰ ভুল চিকিৎসাৰ বলি হৈ প্ৰাণ হেৰুৱালে এজনে! সৌসিদিনা এগৰাকী দেৱশিশুৰ মৃত্যু সম্পৰ্কীয় ঘটনাৰ সৈতে সাঙোৰ খাই পৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ বিতৰ্কলৈ আহিছে গে’ট হস্পিতাল। গুৱাহাটীৰ নুনমাটিস্থিত এই গে’ট হস্পিতালৰ ভুল চিকিৎসাৰ বলি হৈ বাবুল আলী নামৰ এজন লোকৰ মৃত্যু হৈছে। এই অভিযোগ উত্থাপন কৰিছে মৃত লোকজনৰ পৰিয়ালবৰ্গই। দিছপুৰ আৰক্ষী থানাৰ কনিষ্টবল তথা চাংসাৰিৰ কাষৰ মান্দাকাটাৰ বাবুল আলী নামৰ লোকজনক অৰ্শ ৰোগৰ চিকিৎসাৰ বাবে হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখ্য ৰোগীজনক হাস্পতাল কৰ্তৃপক্ষই ‘ভেণ্টিলেশ্যন’ত ৰাখে আৰু মৃত্যুৰ এদিন পিছত আজি পৰিয়ালবৰ্গক অৱগত কৰে। পৰিয়ালবৰ্গৰ অভিযোগ অনুসৰি এদিন পূৰ্বেই মৃত্যু হোৱা লোকজনক একমাত্ৰ হাস্পতালৰ ‘বিল’ অধিক কৰিবৰ বাবেই ভেণ্টিলেশ্যনত ৰাখি থোৱা হৈছিল। 



জানিব পৰা মতে মৃত বাবুল আলীক ইয়াৰ পূৰ্বে প্ৰথমেই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াৰ চিকিৎসকে ৰোগগৰাকীক অইন চিকিৎসালয়লৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে। ইতিমধ্যেই গে’ট হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে মৃত বাবুল আলীৰ পৰিয়ালবৰ্গই এক গোচৰ তৰিছে।

Banner

গে’ট হস্পিতাল