মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীক মৃত্যুৰ ভাবুকি
দৈনিক বাতৰি

মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীক মৃত্যুৰ ভাবুকি

জিপ্লাছ নিউজ ডেস্ক | December 05, 2019 18:15 hrs

৫ ডিচেম্বৰ, গুৱাহাটী : মাজুলীৰ সত্ৰাধিকাৰক হত্যাৰ ভাবুকি। অচিনাক্ত দুৰ্বৃত্তই বিভিন্ন মোবাইল নম্বৰেৰে মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীক ধন দাবী কৰি মৃত্যুৰ ভাবুকি দিয়ে। 
 
প্ৰাপ্ত খবৰ মতে সত্ৰাধিকাৰগৰাকীক  বিগত এসপ্তাহৰ পূৰ্বে কোনোবা অচিনাকী দুৰ্বৃত্তই ফোন কৰি ধন দাবী কৰে। ইয়াৰ পাছতেই  সত্ৰাধিকাৰগৰাকীক অশ্লীল গালি গালাজ দিয়াৰ লগতে অশ্লীল ভিডিঅ’ প্ৰেৰণ কৰে। তাৰ পাছতে দুৰ্বৃত্তক সেই ধন আদায় নকৰাত সত্ৰাধিকাৰগৰাকীক মৃত্যুৰ ভাবুকি দিয়ে।   

লগতে গোস্বামীয়ে সংবাদমাধ্যমক জনায় - “তেওঁলোকে মোক বেংকৰ একাউণ্ট নম্বৰো দিছিল। আমি অসমীয়া সকলে কথাহে কওঁ কাম কৰিব নোৱাৰো।”  

এতিয়া নিৰাপত্তাহীনতাত ভুগি সত্ৰাধিকাৰগৰাকীয়ে মাজুলীৰ আৰক্ষীৰ কাষ চাপিছে।