নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যসভাত কংগ্ৰেছক বিৰোধ প্ৰদৰ্শনৰ আহ্বান নেছ’ৰ
দৈনিক বাতৰি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যসভাত কংগ্ৰেছক বিৰোধ প্ৰদৰ্শনৰ আহ্বান নেছ’ৰ

জি প্লাছ নিউজডেস্ক | February 05, 2019 11:18 hrs

গুৱাহাটী - ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনৰ ক্ষেত্ৰত সৰৱ বিৰোধিতা প্ৰদানৰ বাবে উত্তৰ-পূৱ ছাত্ৰ সংগঠন চমুকৈ নেছ’ই কংগ্ৰেছক আহ্বান জনইছে। আৰু লগতে এই সন্দৰ্ভত ৰাজ্যসভাত তৰ্কত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনাইছে।

এই তৰ্কৰ পৰা পিছ হুহকি নাহিবলৈও গান্ধীৰ দলক আহ্বান জনাইছে। উল্লেখ্য যে, অসম চুক্তি স্বাক্ষৰিত হৈছিল সদৌ অসম ছাত্ৰ সন্থা আৰু সেই সময়ৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মাজত। তেনে পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাই কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি ৰাজ্যসভাত বিধেয়কখন বিৰোধিতা কৰিবলৈ অনুৰোধ জনোৱাটো নীতিবিৰুদ্ধ নহয়।

আনহাতে, অসম চুক্তিখন উলংঘা কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন যিকোনো পৰিস্থিতিতে গৃহীত কৰিবলৈ আকোৰগোজ ভূমিকা লোৱা বিজেপিৰ এতিয়া ৭০ সংগঠন, বুদ্ধিজীৱিৰ পাছতেই আক্ৰমণৰ লক্ষ্য হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা।

Banner

কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে সমুজ্জল কুমাৰ ভট্টাচাৰ্য