নিউজিলেণ্ডৰ মছজিদত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ৪০
দৈনিক বাতৰি

নিউজিলেণ্ডৰ মছজিদত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ৪৯

জি প্লাছ ডেস্ক | March 15, 2019 14:05 hrs

ক্ৰাইষ্টচাৰ্ছঃ শান্তিপূৰ্ণ দেশ হিচাপে পৰিচিত নিউজিলেণ্ডত শুকুৰবাৰে সংঘটিত হয় ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ। দেশখনৰ  ক্ৰাইষ্টচাৰ্চৰ এটি মছজিদত সংঘটিত হোৱা এই আক্ৰমণত নিহত হয় ২জন বাংলাদেশী নাগৰিকসহ অতিকমেও ৪৯ জনকৈ লোক। আহত হৈছে ২০ জনৰো অধিক।

ক্ৰাইষ্টচাৰ্চ আৰক্ষীয়ে জনোৱা মতে, চহৰখনৰ দুটাকৈ মছজিদত অচিনাক্ত বন্দুকধাৰীয়ে জধে-মধে গুলীচালনা আৰম্ভ কৰে। এই ঘটনাত কথমপি ৰক্ষা পৰে নিউজিলেণ্ড ভ্ৰমণৰত বাংলাদেশৰ ক্ৰিকেট দলটো। 

অতৰ্কিতে হোৱা শুকুৰবাৰৰ এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা জনাইছে দেশখনৰ প্ৰধানমন্ত্ৰী জেচিন্দা আৰ্ডানে। 'এই ঘটনাক গৰিহণা দিছো। আজিৰ দিনটো নিউজিলেণ্ডৰ ইতিহাসৰ সকলোতকৈ ক’লা দিনবোৰৰ ভিতৰত অন্যতম। এনে বৰ্বৰ আক্ৰমণ আমি ৰোধ কৰিবই লাগিব।’- বৈচিত্ৰ্যৰ মাজত ঐক্য নীতিত বিশ্বাসী বাবেই এনে আক্ৰমণ সংঘটিত হৈছে বুলি উল্লেখ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ঘটনা সন্দৰ্ভত ৩জন পুৰুষ আৰু এগৰাকী মহিলাক কৰায়ত্ত কৰিছে আৰক্ষীয়ে। এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে মছজিদৰ সমীপত থকা এখন গাড়ীত দুটাকৈ বোমা পোৱা গৈছে। পিছত দুয়োটা বোমা নিষ্ক্ৰিয় কৰা বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জনায়।

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, মছজিদত গুলীচালনা হোৱাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। আৰক্ষীৰ তৎপৰতাৰ ফলতে শুকুৰবাৰৰ প্ৰাৰ্থনাৰ বাবে মছজিদলৈ যোৱা বাংলাদেশৰ ক্ৰিকেট দলটো কথমপি ৰক্ষা পৰে।

ইফালে, মছজিদত আক্ৰমণ চলোৱা বন্দুকধাৰীজন অষ্ট্ৰেলিয়াৰ নাগৰিক বুলি সংবাদমাধ্যমক জনাইছে দেশখনৰ আৰক্ষীয়ে। এই ঘটনাৰ পিছতে দেশখনৰ প্ৰতিটো মছজিদত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। 

Banner

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰ মুহূৰ্ত, ক্ৰাইষ্টচাৰ্ছত শুকুৰবাৰে