এতিয়াৰে পৰা অত্যাধিক গতি আৰু বিপজ্জনকভাৱে গাড়ী-বাইক চালনাকো সামৰি লোৱা হ’ব ভাৰতীয় দণ্ডবিধিৰ অধীনত
দৈনিক বাতৰি

এতিয়াৰে পৰা অত্যাধিক গতি আৰু বিপজ্জনকভাৱে গাড়ী-বাইক চালনাকো সামৰি লোৱা হ’ব ভাৰতীয় দণ্ডবিধিৰ অধীনত

জিপ্লাছ ব্যুৰ’ | October 09, 2019 12:04 hrs

গুৱাহাটী - শেহতীয়াকৈ ৰাজপথত মটৰ চাইকেল চালকৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ লগতে অইন যাত্ৰীৰ জীৱন শংকাপূৰ্ণ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি এনে উদণ্ড চালকসকলক নাকি লগোৱাৰ উদ্দেশ্যে শীঘ্ৰেই কঠোৰ ব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অত্যধিক গতিৰে বাইক চলাই বা বিপজ্জনকভাৱে গাড়ী চলাই যান-বাহন আইনৰ অধীনত অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা ভাৰতীয় দণ্ডবিধিৰ আওঁতালৈ আহিব লাগিব এনে অপৰাধী। এই কথা অলপতে সদৰী কৰিছে উচ্চতম ন্যায়ালয়ে। 

উল্লেখযোগ্য যে এই সন্দৰ্ভত বিগত ২০০৮ চনৰ ২২ ডিচেম্বৰতেই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰত ইন্দু মালহোট্ৰা আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠে এক বিশেষ ৰায়যোগে এনে ধৰণৰ অপৰাধক বা যান-বাহন আইনৰ অধীনৰ অপৰাধক ভাৰতীয় দণ্ডবিধিৰ আওঁতালৈ আনিব নোৱাৰিব বুলি উল্লেখ কৰিছিল।