আজিৰে পৰা পুনৰ বন্ধ পুৰণি শৰাইঘাট দলং
দৈনিক বাতৰি

আজিৰে পৰা পুনৰ বন্ধ পুৰণি শৰাইঘাট দলং, তীব্ৰ যান-জঁট

জি প্লাছ ব্যুৰ’ | March 15, 2019 12:17 hrs

গুৱাহাটীঃ শৰাইঘাটৰ পুৰণি দলংখনেৰে যাতায়ত আজিৰে পৰা পুনৰ বন্ধ কৰি দিয়া হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সূত্ৰই সদৰী কৰা মতে দলংখনৰ কেবাঠাইতো ফাট মেলাৰ পৰিপ্ৰেক্ষিততে মেৰামতি কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। দলংখনৰ কেইবাঠাইতো ফাট মেলাত লোৰ প্লেটেৰে ঢাকি অব্যাহত ৰখা হৈছিল যাতায়াত।

দলংখনেৰে যাতায়ত বন্ধ কৰি দিয়াৰ পিছতে মেৰামতিৰ বাবে বিশেষজ্ঞৰ এটা দলে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে। দলটোৱে জনোৱা মতে মেৰামতি সম্পূৰ্ণ হ’বলৈ প্ৰয়োজন হ’ব পাৰে অতি কমেও ৩ মাহৰ সময়।

মেৰামতিৰ সময়ছোৱাত যাতায়তত কোনো অসুবিধা নহ’বৰ বাবে অস্থায়ী ডিভাইডাৰ স্থাপন কৰি নতুন দলংখনেৰে দুয়োফালৰ যান-বাহন চলাচলৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে ১৯৬৩ চনৰ ৭ জুনত প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱে মুকলি কৰিছিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ঐতিহাসিক শৰাইঘাট দলংখন।

ইফালে পুৰণি শৰাইঘাট দলংখন বন্ধ কৰি দিয়াৰ পিছতে জালুকবাৰীৰ পৰা আমিনগাঁৱলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে তীব্ৰ যান-জঁট৷ মহানগৰ আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাই যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া সম্ভৱ হৈ উঠা নাই বুলি জনাইছে প্ৰত্যক্ষদৰ্শীসকলে৷

Banner

পুৰণি শৰাইঘাট দলং, বাওফালৰ ছবিত গুগল ট্ৰেফিক মেপ