গুৱাহাটীৰ লোকপাল কাৰ্যালয়ত ‘বীমা লোকপাল দিৱস’ উদযাপন
গুৱাহাটী লোকপাল কাৰ্যালয়ে আজি ১১ নৱেম্বৰ, ২০২০-ত দিনজোৰা কাৰ্যসূচীৰে বীমা লোকপাল দিৱস পালন কৰে।
কাৰ্যসূচী আৰম্ভ হয় লোকপাল কে বি সাহাৰ সংবাদ মেল সম্বোধনেৰে যি সভাক অৱগত কৰে যে গুৱাহাটীৰ লোকপাল কাৰ্যালয়ৰ বৃহৎ ভৌগলিক বিস্তৃতিয়ে অসমৰ উপৰিও মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাকো সামৰি লৈছে।
আজিৰ দিনটোত বীমা সম্পৰ্কীয় অভিযোগসমূহ বিনামূল্যে আৰু ক্ষীপ্ৰতাৰে সমাধান কৰাৰ ব্যৱস্থাৰ বিষয়ে ৰাইজক সজাগ আৰু সচেতন কৰি তোলাৰ উদ্দেশ্যৰে সমগ্ৰ ভাৰত বৰ্ষৰে শাখাসমূহৰ লগতে মুম্বাইস্থিত বীমাকৰণৰ কাৰ্যবাহী পৰিষদৰ কাৰ্যালয়তো বীমা লোকপাল দিৱস পালন কৰা হয়।
বীমা লোকপালে উত্তৰ-পূৰ্বাঞ্চল বীমাকৃত জনসাধাৰণক লোকপালৰ বিনামূলীয়া সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, গুৱাহাটীস্থিত বীমালোকপাল কাৰ্যালয়ে যোৱা বছৰটোত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ উত্থাপিত ৫৯৬ টা অভিযোগৰ নিস্পতি কৰে।