ভয়াবহভাৱে ওলমি আছে গণেশগুৰি উৰণীয়াসেঁতুৰ এটা অংশ
দৈনিক বাতৰি

ভয়াবহভাৱে ওলমি আছে গণেশগুৰি উৰণীয়াসেঁতুৰ এটা অংশ

জিপ্লাছ ব্যুৰ’ | July 11, 2019 17:10 hrs

১২ জুলাই, গুৱাহাটী - যিকোনো মুহুৰ্ত্ততে গণেশগুৰিত সংঘটিত হ’ব পাৰে এক ভয়াবহ ঘটনা। গণেশগুৰিৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুৰ এক বৃহৎ অংশ ভাগি ভয়াবহভাৱে ওলমি থকা দেখিবলৈ পোৱা গৈছে। যিকোনো মুহুৰ্তত খঁহি পৰিব পাৰে এই ভগা অংশ। বিগত কেবাদিন ধৰি এই অংশটো বিপজ্জনকভাৱে ওলমি আছে যদিও জিলা প্ৰশাসন বা গড়কাপ্তানি বিভাগ ইয়ালৈ চকু দিয়াৰ আহৰি পোৱা নাই।

উৰণীয়া সেঁতুৰ তলেৰে যোৱা যান-বাহন বা পথচাৰীৰ গাত যিকোনো মুহুৰ্ত্ততে সৰি পৰিব পাৰে এই অংশ।

গুৱাহাটী পৌৰ নিগমৰ ১৯ নং ৱাৰ্ডৰ অন্তৰ্ভুক্ত তথা  এলেকাটোৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথ আৰু ৰাধাগোবিন্দ বৰুৱা পথৰ সংযোগস্থলতে এই ভগ্ন অংশটো ওলমি আছে। তাৎপৰ্যপূৰ্ণভাৱে এই অংশটোতেই প্ৰতিদিনে হয় যথেষ্ট জনসমাগম তথা যান-জঁট। 

উল্লেখ্য যে ২০০৬ চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই উৰণীয়া সেঁতুখন তাৎক্ষণিক পৰ্যবেক্ষণৰ প্ৰয়োজনীয়তা আছে। 

Banner

গণেশগুৰিৰ উৰণীয়া সেঁতুৰ ভাগি ওলমি থকা অংশ

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Primus Hospital

    Do you want to sell your kidney? Are you seeking for an opportunity to sell your kidney due to financial break down, then contact us today, amount of 2 crore for your Kidney. whatsApp +918929375881. Email: primussuperspecialityhospitals@gmail.com