আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দৈনিক বাতৰি

আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জি প্লাছ নিউজডেস্ক | February 08, 2019 10:48 hrs

৮ ফেব্ৰুৱাৰী, গুৱাহাটী - সন্ধিয়া ৬ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা হ’ব ৰাজভৱনলৈ। কাইলৈ গুৱাহাটীৰ পৰা লীলাবাৰীলৈ বিমানেৰে আৰু তাৰ পৰা হেলিকপ্টাৰেৰে যাব ইটানগৰলৈ।

ইটানগৰৰ পৰা উভতি ১২.৩০ বজাত পাবহি আমিনগাঁও। চাংসাৰিত AIIMSৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পিছত পুনৰ ২.৩০ বজাত প্ৰধানমন্ত্ৰী ৰাওনা হ’ব আগৰতলালৈ।

Banner

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী