৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
দৈনিক বাতৰি

৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

জিপ্লাছ নিউজ ডেস্ক | February 05, 2020 10:52 hrs

৫ ফেব্ৰুৱাৰী, গুৱাহাটী : চাৰি দশক জোৰা সশস্ত্ৰ বিপ্লৱৰ পাছত যোৱা ২৭ জানুৱাৰীত ৰাজধানী চহৰত কেন্দ্ৰীয় চৰকাৰ আৰু এন ডি এফবিৰ চাৰিটা গোটৰ মাজত বড়ো শান্তি চুক্তি স্বাক্ষৰ হয়। ইয়াৰ পাছতে বড়োভূমিৰ বিজয় উৎসৱত ভাগ ল’বলৈ অহা ৭ ফেব্ৰুৱাৰীত কোৰকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। উক্ত দিনটোত বি টি আৰৰ চাৰিওখন জিলাকে ধৰি স্থানীয় বিদ্যালয়, মহাবিদ্যালয়সমূহ আৰু কাৰ্যালয়বোৰ বন্ধৰ নিৰ্দেশনা জাৰি কৰে। 

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মোডীক আদৰিবলৈ সাজু হৈছে বি টি আৰবাসীৰ লগতে ৰাজ্য চৰকাৰ। এই অনুষ্ঠানত ৪ লক্ষাধিকতকৈ অধিক লোক অংশগ্ৰহণৰ আশা প্ৰকাশ কৰিছে। বিনোদনৰ বাবে  ৰাজ্যৰ বিভিন্ন লোক সংস্কৃতিৰে বাৰে ৰহনীয়া সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰে।   

উল্লেখ্য যে কালি ৰাজ্যৰ বিত্ত মন্ত্ৰী তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাংকুঠাইৰ সভাস্থলী পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকীয়ে কয়- “নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ৭ তাৰিখে ১১.৪৫ বজাত আহি কোকৰাঝাৰত উপস্থিত হ’বহি।গুৱাহাটী বিমানবন্দৰৰ পৰাই পোনে  পোনে  তেওঁ কোকৰাঝাৰলৈ আহিব। সকলো বড়োভূমিৰ লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰাকৈ আমি স্থানীয় বন্ধৰ ঘোষণা কৰিছো। ইতিমধ্যে বিজয় উৎসৱৰ  প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।”