ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিলে নিৰ্ভয়াকাণ্ডৰ ধৰ্ষণকাৰীৰ ক্ষমাদানৰ আবেদন

Saturday, 29 February 2020

দৈনিক বাতৰি

ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিলে নিৰ্ভয়াকাণ্ডৰ ধৰ্ষণকাৰীৰ ক্ষমাদানৰ আবেদন

জিপ্লাছ | January 17, 2020 13:17 hrs

১৭ জানুৱাৰী, গুৱাহাটী - ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি খাৰিজ কৰিলে নিৰ্ভয়াকাণ্ডৰ অন্যতম ধৰ্ষণকাৰী মুকেশ সিংৰ ক্ষমাদানৰ আবেদন। 

২০১২ চনত দিল্লীত নিৰ্ভয়াক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱা তথা মৃত্যুদণ্ড লাভ কৰা চাৰি অপৰাধীৰ অন্যতম মুকেশ সিঙে কিছুদিন পূৰ্বে ক্ষমাদানৰ এক আবেদন দাখিল কৰিছিল।

উল্লেখ্য যে ২০১২ চনৰ দলবদ্ধ ধৰ্ষণৰ সেই নাৰকীয় কাণ্ডত জড়িত মুকেশ সিংৰ ক্ষমাদানৰ আবেদন বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে। দিল্লীৰ ৰাজ্যপাল অনিল বাজাজৰ যোগেদি গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল এই আবেদন। 

বিগত ৭ জানুৱাৰীত মৃত্যু পৰোৱানা জাৰি কৰা হৈছে সেই জঘন্য কাণ্ডৰ সৈতে জড়িত চাৰিওগৰাকী অপৰাধী ক্ৰমে মুকেশ সিং (৩২), বিনয় শৰ্মা (২৬), অক্ষয় কুমাৰ সিং (৩১) আৰু পৱন গুপ্তা (২৫) ক। এই মৃত্যু পৰোৱানা অনুসৰি অহা ২২ জানুৱাৰীৰ পুৱা ৭ বজাত তিহাৰ জেলত ফাঁচী কাঠত ওলমোৱা হব কেউগৰাকীকে।